Puri Jagannath Temple: পুৰীৰ জগন্নাথ মন্দিৰত বোমাতংক, ছ’চিয়েল মিডিয়াত পোষ্ট দি আক্ৰমণৰ ভাবুকি!
Bomb Threat, Puri Jagannath Temple: পুৰীত বোমাতংক। এটা ছ’চিয়েল মিডিয়া একাউণ্টে পুৰীৰ জগন্নাথ মন্দিৰ, শ্বপিং মল আৰু বিজেডিৰ এজন নেতাক উৰুৱাই দিয়াৰ ভাবুকি প্ৰকাশ কৰে। ইতিমধ্যে এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও পুৰীৰ মন্দিৰ চৌহদতো নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।
পুৰীৰ জগন্নাথ মন্দিৰত বোমাতংক। এটা ছ’চিয়েল মিডিয়া একাউণ্টে পুৰীৰ জগন্নাথ মন্দিৰ, শ্বপিং মল আৰু বিজেডিৰ এজন নেতাক উৰুৱাই দিয়াৰ ভাবুকি প্ৰকাশ কৰে। ইতিমধ্যে এই ঘটনাৰ এজন সন্দেহযুক্ত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। জানিব পৰা মতে এগৰাকী মহিলাৰ একাউণ্টৰ পৰা ছ’চিয়েল মিডিয়াত এই ভাবুকি প্ৰকাশ কৰা হৈছে। পুৰীৰ জগন্নাথ মন্দিৰৰ সমান্তৰালকৈ এটা শ্বপিং মল আৰু এজন বিজেডি নেতাক বোমা বিস্ফোৰণৰ ভাবুকিও দিয়া হয়।
এই ভাবুকি পোহৰলৈ অহাৰ পিছতে পুৰী মন্দিৰত বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ইয়াৰ লগতে ১ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। যাৰ একাউণ্টৰ পৰা এই ভাবুকি পোষ্ট কৰা হৈছিল সেই মহিলাগৰাকীৰ জেৰা অব্যাহত ৰাখিছে। স্বাভাৱিকতে এই ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা এই মন্দিৰৰ আশে-পাশে নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে পুৰী মন্দিৰটো প্ৰায় ৮০০ বছৰ পুৰণি।
অৱশ্যে এই ভাবুকি কেৱল পুৰীৰ মন্দিৰক লক্ষ্য কৰি লোৱা নাছিল। পোষ্টটোত বিজেডিৰ ৰাজ্যসভাৰ সাংসদ সুভাষী কুন্তিয়া আৰু পুৰিৰ এটা শ্বপিং কমপ্লেক্সক লক্ষ্য কৰি লোৱাৰ কথাও উল্লেখ কৰা হৈছে। এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। তদুপৰি পুৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।