শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৱাই পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন, পদপিষ্ট হৈ ৩ জনৰ মৃত্যু, আহত বহুলোক

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ প্ৰতিটো খোজতে যেন বাধাৰ সন্মুখীন হৈছে ভক্তসকল। শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি, ৰথ যাত্ৰাৰ সময়ত হোৱা জনসমাগমৰ হেঁচাত পদপিষ্ট হৈ কমেও তিনিজন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও ১০ জন লোক আহত হয়।

পুৱাই পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন, পদপিষ্ট হৈ ৩ জনৰ মৃত্যু, আহত বহুলোক
জগন্নাথ ৰথ যাত্ৰাImage Credit source: PTI
manas-borah
Manas Borah | Published: 29 Jun 2025 10:47 AM

এইবাৰ পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ইটোৰ পিছত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে। পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ প্ৰতিটো খোজতে যেন বাধাৰ সন্মুখীন হৈছে ভক্তসকল। শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি, ৰথ যাত্ৰাৰ সময়ত হোৱা জনসমাগমৰ হেঁচাত পদপিষ্ট হৈ কমেও তিনিজন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও ১০ জন লোক আহত হয়।

আজি দেওবাৰে পুৱাৰ ভাগত পুৰীৰ শ্ৰী গুণ্ডিচা মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। জনা যায় যে, জগন্নাথ দেৱৰ ৰথ চকাৰ সন্মুখতে এই ঘটনা সংঘটিত হয়। জগন্নাথ দেৱৰ ৰথখন মন্দিৰ পোৱাৰ লগে লগে ভক্তসকলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। সেই সময়তে ৰাইজৰ হেঁচাত কেইবাজনো লোক পদপিষ্ট হয়।

স্থানীয় সূত্ৰ অনুসৰি, জগন্নাথ দেৱৰ ৰথ পুৱা প্ৰায় ৪-৫ বজাত গুণ্ডিচা মন্দিৰত উপস্থিত হয়। সেই মুহূৰ্ততে এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰে । ভক্তসকলে ৰথৰ ফালে লৰালৰিকৈ আগবাঢ়ি যায়। সেই সময়তে বহু লোক পদপিষ্ট হয়। আৰক্ষীৰ তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ১০জন লোক। এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

প্ৰসংগক্ৰমে এইবাৰৰ ৰথ যাত্ৰাৰ বাবে পুৰীত ১০ লাখৰো অধিক ভক্তৰ সমাগম হয়। ইমানেই ভিৰ আছিল যে যাত্ৰাৰ দিনটোত বলৰাম আৰু সুভদ্ৰাৰ ৰথ অলপ আগুৱাই যাব পাৰিলেও জগন্নাথৰ ৰথ আগবাঢ়িব নোৱাৰিলে। নন্দিঘোষ মন্দিৰৰ পৰা ওলাই যোৱাত বাধাৰ সন্মুখীন হৈছিল । ইমান বছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে, যাক বহুতে অশুভ লক্ষণ বুলি গণ্য কৰিছিল।

কালি শনিবাৰে পুৱা পুনৰ আৰম্ভ হ’ল ৰথ যাত্ৰা। তেতিয়াও বিপুল জনসমাগম আছিল যাৰ বাবে গুণ্ডিচা মন্দিৰ পাবলৈ পলম হৈছিল। আজি ৰাতিপুৱা ৰথখন গুণ্ডিচা মন্দিৰত উপস্থিত হয় । আৰু তাতেই সংঘটিত হয় এই ঘটনা।

ৰথ যাত্ৰাৰ দিনা ভিৰ ইমানেই বেছি আছিল যে পদপিষ্ট দৰে ঘটনা সংঘটিত হৈছিল। বলৰাম আৰু সুভদ্ৰাৰ ৰথৰ কাষত ইমানে ভিৰ হৈছিল যে, কমেও ৬৪৫জন ভক্ত অসুস্থ হৈ পৰে। আজি আন এক দুৰ্ঘটনা সংঘটিত হয়।