শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা, আজি পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব প্ৰতিবাদী কৃষকৰ দল…
আজি ১০১ জনীয়া এটা কৃষকৰ দল দিল্লীৰ অভিমুখে ৰাওনা হ’ব। শম্ভু সীমান্তত প্ৰশাসনে গঢ়ি তোলা কটকটীয়া নিৰাপত্তাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকৰ দলটোৱে। শুকুৰবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যাত্ৰা পিছুৱাই দিছিল।

আজি বিয়লী পঞ্জাৱৰ ১০১ জনীয়া এটা কৃষকৰ দল দিল্লীৰ অভিমুখে ৰাওনা হ’ব। শম্ভু সীমান্তত প্ৰশাসনে গঢ়ি তোলা কটকটীয়া নিৰাপত্তাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকৰ দলটোৱে। শুকুৰবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যাত্ৰা পিছুৱাই দিছিল। শনিবাৰেও কৃষকসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত শম্ভু সীমান্তত প্ৰতিবাদ আব্যাহত ৰাখিছিল। উল্লেখ্য যে, দিল্লীলৈ কৃষকৰ পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত দিল্লী-হাৰিয়ানা শম্ভু সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে। কৃষকক দিল্লীলৈ যোৱাত বাধা দিয়াৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে দিল্লী অভিমুখে যাতে পদযাত্ৰা কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰভাৱে বেৰিকেডিং কৰা হৈছে ।
ইফালে, হাৰিয়ানা চৰকাৰে আম্বালা জিলাৰ ১১খন গাঁৱত এছএমএছ সেৱাৰ লগতে মোবাইল ইণ্টাৰনেট বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিষেধাজ্ঞা ৯ ডিচেম্বৰলৈকে কাৰ্যকৰী হ’ব। শনিবাৰে সংবাদমেলত কৃষক নেতা সৰৱান সিং পাণ্ডেৰে কয় যে, তেওঁলোকে আলোচনাৰ বাবে অপেক্ষা কৰি আছে, কিন্তু এতিয়ালৈকে কোনো বাৰ্তা বা আলোচনাৰ বাবে কোনো আমন্ত্ৰণ পোৱা নাই।
তেওঁ নিশ্চিত কৰে যে, ইউনাইটেড কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ১০১ জন কৃষকৰ সৈতে শান্তিপূৰ্ণভাৱে ৮ ডিচেম্বৰৰ পৰা পুনৰ দিল্লীলৈ পদযাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে,শুকুৰবাৰে কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল যদিও হাৰিয়ানাৰ আম্বালা জিলাৰ শম্ভু সীমান্তত কন্দুৱা গেছ আৰু নিৰাপত্তাৰক্ষীৰ প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হয় । কিয়নো সেই অঞ্চলটোত বিএনএছএছৰ ১৬৩ ধাৰা জাৰি কৰা হৈছিল। ১৬৩ নং ধাৰাত পাঁচজন বা তাতকৈ অধিক লোকক একত্ৰিত কৰাটো নিষিদ্ধ আছিল।
পাণ্ডেৰে কয় যে, হাৰিয়ানাৰ নিৰাপত্তাৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ গুলীৰ ফলত ১৬ জন কৃষক আহত হোৱাৰ লগতে এজনৰ শ্ৰৱণ ক্ষমতা হেৰুৱাই আৰু এই পদযাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। আন এজন কৃষক নেতা জগজিৎ সিং দলেৱালে খানাউৰী সীমান্তত অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ।
শস্যৰ বাবে নূন্যতম সহায়ক মূল্য (MSP)ৰ আইনী নিশ্চয়তা, ২০২০-২১ চনত পূৰ্বৰ প্ৰতিবাদৰ সময়ত নিহত কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে । ইয়াৰ সমান্তৰালকৈ কৃষক সংগঠনসমূহে ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ বলি হোৱা লোকক ন্যায় প্ৰদানৰ দাবীও উত্থাপন কৰিছে । কৃষক সংগঠনসমূহে কৃষক আৰু কৃষি শ্ৰমিকৰ বাবে পেঞ্চন কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে আৰু বিদ্যুতৰ হাৰ হ্ৰাস কৰাৰ বাবেও দাবী উত্থাপন কৰিছে ।