কলকাতা কাণ্ডৰ এমাহঃ ন্যায় বিচাৰি পুনৰ ৰাজপথত নামিল জনতা
কাইলৈ এমাহ পূৰ্ণ হ’ব কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ। হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত আজি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ গঢ়ি উঠিছে। কলকাতাত এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত মৃত চিকিৎসকগৰাকীৰ লগতে পিতৃ-মাতৃও উপস্থিত থাকে।
কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ কাইলৈ এমাহ পূৰ্ণ হ’ব। এই নৃশংস ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। ইতিমধ্যে এই ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে কাইলৈ এই ঘটনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত আজি হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ গঢ়ি উঠিছে। কলকাতাৰ লগতে দিল্লী, মুম্বাইসহ আন অঞ্চলতো প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই।
কেৱল ভাৰততে নহয়, বিশ্বৰ আন কেইখনমান দেশতো কলকাতা কাণ্ডৰ ন্যায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। কলকাতাত এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত মৃত চিকিৎসকগৰাকীৰ লগতে পিতৃ-মাতৃও উপস্থিত থাকে। দুয়ো এই প্ৰতিবাদত অংশ লৈ নিজ কন্যাৰ ন্যায়ৰ বাবে কাতৰ আহ্বান জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত শিল্পী, ছাত্ৰ-ছাত্ৰী, বুদ্ধিজীৱী, শ্ৰমিককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে।
মৃত চিকিৎসকগৰাকীৰ মাতৃয়ে এই কাৰ্যসূচীত অংশ লৈ কয়, “মই এগৰাকী নিঃসন্তান মাতৃ। এই স্থানত ইমানসংখ্যক মানুহ সমবেত হৈছে। সকলোকে মোৰ ল’ৰা-ছোৱালী হিচাপে গণ্য কৰোঁ। সকলোকে মোৰ আত্মীয় বুলি গণ্য কৰোঁ।” তেওঁ লগতে কন্যাৰ সৈতে সংঘটিত এই ভয়াৱহ ঘটনাৰ সময়ত চিকিৎসালয়, আৰক্ষী, প্ৰশাসনে কোনো সহায় আগবঢ়োৱা নাছিল বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰশাসন, আৰক্ষী আৰু চিকিৎসালয়ৰ মাজৰ এই সম্পৰ্ক ভাঙিব লাগিব বুলি মন্তব্য কৰে।
আগন্তুক কিছুদিনৰ পিছতে দেশত দুৰ্গা পূজা অনুষ্ঠিত হ’ব। দুৰ্গা পূজাৰ পূৰ্বে আজি ৰাজপথত নামে শিল্পীসকলো। সনাতন ডিণ্ডাৰ দৰে প্ৰখ্যাত কেনভাছত প্ৰতিবাদী ছিত্ৰ আঁকি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে দিল্লীতো শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ জনতাই। দিল্লীত কলকাতা কাণ্ডৰ ভুক্তভোগী চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ প্ৰদানৰ লগতে প্ৰতিদিনে মহিলাৰ সৈতে ঘটি থকা কাণ্ডসমূহৰ ওপৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিবাদী সমদল উলিওৱা হয়।
উল্লেখ্য যে ঠিক এমাহ পূৰ্বে ৯ আগষ্টত আৰ জি কাৰ মেডিকেল কলেজ হাস্পতালত এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই ঘটনাৰ অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত ধাৰাবাহিকভাৱে দেশত আন্দোলন গঢ়ি উঠিছে। কাইলৈ উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। সমগ্ৰ দেশ কঁপাই তোলা এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ ওপৰত স্বাভাৱিকতেই দৃষ্টি নিবদ্ধ হৈছে দেশবাসীৰ।