সপ্তাহৰ এই দিনটোত গাখীৰ উতলি বাগৰি পৰিলে হ’ব পাৰে বিপদ

13 July 2025

TV9 ASSAM

বাস্তু শাস্ত্ৰ মতে মানুহৰ জীৱনত প্ৰতিদিনে  ঘটা কিছুমান ঘটনাই শুভ বা অশুভ সংকেত দিয়ে। গাখীৰ উতলি বাগৰি পৰাৰ ক্ষেত্ৰতো বাস্তুৱে এনে এটা দিনৰ কথা উল্লেখ কৰিছে।

বাস্তু শাস্ত্ৰ

হিন্দু ধৰ্মত কোৱা হয় যে যিকোনো শুভ কামত গাখীৰ অতি প্ৰয়োজনীয় উপাদান। কেৱল হিন্দু ধৰ্মতেই নহয়, আন ধৰ্মতো গাখীৰক অতি পবিত্ৰ বুলি গণ্য কৰা হয়।

গাখীৰ

বাস্তু শাস্ত্ৰ মতে গাখীৰ গৰম কৰোঁতে উথলি উঠা আৰু জ্বলি যোৱাটো কিছু ক্ষেত্ৰত অতি শুভ। কিন্তু ইয়াৰ এক বিপৰীত দিশ তথা অশুভ লক্ষণো আছে।

শুভ-অশুভ

বুধবাৰে গাখীৰ গৰম কৰি থাকোঁতে উথলি বাগৰি পৰিলে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। বিশ্বাস মতে ইয়াৰ ফলত দেৱী লক্ষ্মী অসন্তুষ্ট হয়, আৰ্থিক ক্ষতিৰ সম্ভাৱনা বাঢ়ি যায়।

বুধবাৰ

বাস্তু শাস্ত্ৰই কয় যে বুধবাৰে গাখীৰ উতলি জ্বলি গ’লেও ভাল নহয়। কেতিয়াবা এয়া কোনো সমস্যা নহয় যদিও বাৰে বাৰে এনে হ’লে ঘৰত বিপদৰ ইঙ্গিত দিয়ে।

জ্বলি যোৱা

পুষ্টিৰে সমৃদ্ধ গাখীৰ সকলো লোকৰ ঘৰতে খোৱা হয়। সাধাৰণতে গাখীৰ অধিকাংশ লোকেই উতলাই খায়। উতলি থকাৰ সময়ত গাখীৰ উফন্দি যোৱাটো শুভ নে অশুভ?

নাৰান্ধিব

এই প্ৰতিবেদনত উপস্থাপন কৰা দিশসমূহ বাস্তু শাস্ত্ৰ আৰু জ্যোতিষ সম্পৰ্কীয় তথ্যৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

ঘৰৰ বেৰত জেঠী বগাই থকাটো শুভ নে অশুভ?