অতীত হ’ল এম জি এনৰেগা, ভিবি-জি ৰাম জী বিলত অনুমোদন জনালে ৰাষ্ট্ৰপতি মুৰ্মুৱে
নতুন আইনখনৰ অধীনত গ্ৰাম্য পৰিয়ালসমূহক প্ৰতিটো বিত্তীয় বৰ্ষত ১২৫ দিনৰ বিধিগত মজুৰিৰ নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। পূৰ্বৰ এম জি এনৰেগাৰ অধীনত ১০০ দিনৰ নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল।
দীৰ্ঘ বাদ-বিবাদ তথা বিতৰ্কৰ অন্তত আইনত পৰিণত হ’ল বিকশিত ভাৰত-নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰাম্য) নিশ্চয়তা বিধেয়ক, ২০২৫ (ভিবি-জি ৰাম জী বিল)। বিৰোধীৰ প্ৰতিবাদৰ মাজতো সংসদৰ দুই সদনত গৃহীত হোৱাৰ পিছত আজি এই ভিবি-জি ৰাম জী বিলত অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগে লগে এই বিধেয়কখন এতিয়া নতুন আইনত পৰিণত হ’ল। ইয়াৰ লগে লগে অতীত হৈ পৰিল প্ৰায় ২০ বছৰীয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন, চমুকৈ এম জি এনৰেগা।
অহা বছৰৰ ১ এপ্ৰিলৰ পৰা এই আইনখন কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। নতুন আইনখনৰ অধীনত গ্ৰাম্য পৰিয়ালসমূহক প্ৰতিটো বিত্তীয় বৰ্ষত ১২৫ দিনৰ বিধিগত মজুৰিৰ নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। পূৰ্বৰ এম জি এনৰেগাৰ অধীনত ১০০ দিনৰ নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল।
ঠাই ল’ব এম জি এনৰেগাৰ
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বিধেয়কখনে এতিয়া এম জি এনৰেগাৰ ঠাই ল’ব। এই নতুন আইনখন বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে। গ্ৰাম্য অঞ্চলত আয়ৰ সুৰক্ষা শক্তিশালী কৰা আৰু সৰ্বাংগীন তথা সুষম উন্নয়নক প্ৰসাৰিত কৰিবলৈ স্থায়ী, উৎপাদনশীল সম্পত্তি গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে এই নতুন আইন গ্ৰহণ কৰিব বিচাৰিছে।
১২৫ দিনৰ নিয়োগ
আইনখনৰ বিধান অনুসৰি ইচ্ছুক গ্ৰাম্য পৰিয়ালক নূন্যতম ১২৫ দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰাটো চৰকাৰৰ বিধিগত দায়িত্ব। নতুন আইনখনৰ আধাৰত মজুৰি সাপ্তাহিকভাৱে বা সৰ্বাধিক ১৫ দিনৰ ভিতৰত পৰিশোধ কৰাটো বাধ্যতামূলক কৰা হৈছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ধন পৰিশোধ নকৰাৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ ব্যৱস্থাও কৰা হৈছে।
বিৰোধীৰ প্ৰতিবাদ
উল্লেখ্য যে বিৰোধীৰ প্ৰতিবাদৰ মাজতে যোৱা বৃহস্পতিবাৰে সংসদত এই বিধেয়ক গৃহীত হৈছিল। এম জি এনৰেগাৰ আঁচনিৰ ঠাইত নতুন বিধেয়ক উত্থাপন কৰা আৰু তাৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱাৰ অভিযোগ তুলি বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধীৰ এই অভিযোগ নাকচ কৰে গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে।
সংসদত বিৰোধীৰ প্ৰতিবাদৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধী বিশেষকৈ কংগ্ৰেছক তীক্ষ্ণ আক্ৰমণ কৰে। বিৰোধীক আক্ৰমণ কৰি শিৱৰাজ সিং চৌহানে ‘কংগ্ৰেছে মহাত্মা গান্ধীৰ আদৰ্শক হত্যা কৰিছিল, মোদী চৰকাৰে সেই আদৰ্শক জীয়াই ৰাখিছে’ বুলি মন্তব্য কৰিছিল।