শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'আপোনালোকলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাঁচিছো',  অসমীয়াতে ভাষণ দিলে  প্ৰধানমন্ত্ৰীয়ে

‘আপোনালোকলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাঁচিছো’, অসমীয়াতে ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে

barasha-misra
Barasha Misra | Published: 21 Dec 2025 17:40 PM

নামৰূপত অসমীয়াতে ভাষণ আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমবাসীক অলেখ মৰম যাঁচিলে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, অসমৰ জনসাধাৰণক কংগ্ৰেছে অপমানৰ পাছত অপমান কৰি আহিছে। আমি অসমৰ কলা-সংস্কৃতি, গামোচাক বিশ্বৰ আগত পৰিচয় কৰাই দিছো।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি নামৰূপৰ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

নামৰূপত অসমীয়াতে ভাষণ আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমবাসীক অলেখ মৰম যাঁচিলে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, অসমৰ জনসাধাৰণক কংগ্ৰেছে অপমানৰ পাছত অপমান কৰি আহিছে। আমি অসমৰ কলা-সংস্কৃতি, গামোচাক বিশ্বৰ আগত পৰিচয় কৰাই দিছো। অবৈধ বাংলাদেশী প্ৰীতিত মচগুল হৈ থাকে কংগ্ৰেছ। উদ্যোগিক আৰু যোগাযোগৰ মাধ্যমেৰে নতুন দিগন্তৰ ৰচনা হৈছে অসমত।এয়া এক আৰম্ভণিহে।’