শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
তেওঁলোকে কেৱল নিজৰ ভোট বেংক শক্তিশালী কৰিব বিচাৰে: কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

তেওঁলোকে কেৱল নিজৰ ভোট বেংক শক্তিশালী কৰিব বিচাৰে: কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

trishna-kalita
Trishna Kalita | Updated On: 21 Dec 2025 18:02 PM

কংগ্ৰেছে সকলো কামৰে বিৰোধীতা কৰে। কংগ্ৰেছে চাহ জনগোষ্ঠীৰ লোকসকলক মৰ্যাদা দিয়া নাছিল। পুনৰ কংগ্ৰেছক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছে এতিয়াও জাতি বিৰোধী চিন্তাধাৰাৰ প্ৰচাৰ চলাই আছে। এই লোকসকলে বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসমৰ বনাঞ্চল আৰু মাটিত সংস্থাপন কৰিব বিচাৰে।“

আজি অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ দৰিদ্ৰ, আদিবাসী, যুৱ আৰু মহিলাসকলৰ চৰকাৰ। আমাৰ চৰকাৰে অসমৰ হিংসাত্মক পৰিস্থিতি নোহোৱা কৰাৰ চেষ্টা কৰিছে। আমাৰ চৰকাৰ অসমৰ সংস্কৃতিক আটাইতকৈ বেছি প্ৰাধান্য দিছে।”

কংগ্ৰেছে সকলো কামৰে বিৰোধীতা কৰে। কংগ্ৰেছে চাহ জনগোষ্ঠীৰ লোকসকলক মৰ্যাদা দিয়া নাছিল। পুনৰ কংগ্ৰেছক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছে এতিয়াও জাতি বিৰোধী চিন্তাধাৰাৰ প্ৰচাৰ চলাই আছে। এই লোকসকলে বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসমৰ বনাঞ্চল আৰু মাটিত সংস্থাপন কৰিব বিচাৰে। তেওঁলোকে কেৱল নিজৰ ভোট বেংক শক্তিশালী কৰিব বিচাৰে আৰু আপোনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে।” সবিশেষ ভিডিঅ’ত চাওক…