শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহাকুম্ভত স্নান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেঃ সামাজিক মাধ্যম যোগে দিলে এই বাৰ্তা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত আজি উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাজ্যপাল আনন্দী বেন পেটেলে ৰাষ্ট্ৰপতিগৰাকীক মহাকুম্ভলৈ আদৰণি জনায় আৰু তাৰ পিছতে তেওঁ ত্ৰিবেণী সংগমত স্নান কৰে। সামাজিক মাধ্যম যোগে এই দৃশ্য শ্বেয়াৰ কৰিছে ৰাষ্ট্ৰপতি মুৰ্মুৱে।

মহাকুম্ভত স্নান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেঃ সামাজিক মাধ্যম যোগে দিলে এই বাৰ্তা
মহাকুম্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
Monjit Dutta
Monjit Dutta | Published: 10 Feb 2025 15:04 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত আজি উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাজ্যপাল আনন্দী বেন পেটেলে ৰাষ্ট্ৰপতিগৰাকীক মহাকুম্ভলৈ আদৰণি জনায় আৰু তাৰ পিছতে তেওঁ ত্ৰিবেণী সংগমত স্নান কৰে। সামাজিক মাধ্যম যোগে এই দৃশ্য শ্বেয়াৰ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে প্ৰয়াগৰাজ মহা কুম্ভৰ ঐশ্বৰিক পৰিৱেশত মা গংগা, যমুনা আৰু ভূগৰ্ভস্থ ধাৰা সৰস্বতীৰ পবিত্ৰ সংগমস্থলীত স্নান কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে।

পোষ্টটোত তেওঁ লিখিছে, “শ্ৰদ্ধা আৰু বিশ্বাসৰ এই বিশাল সংগম ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক আচৰিত আৰু জীৱন্ত প্ৰতীক। মহা কুম্ভই মানৱতাক ঐক্য আৰু আধ্যাত্মিকতাৰ বাৰ্তা দিয়ে। মাতৃ গংগাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তেওঁ সকলোৰে ওপৰত আশীৰ্বাদ বৰ্ষণ কৰি সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে।”

 

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে প্ৰয়াগৰাজৰ ছবি সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে। পোষ্টটোত তেওঁ লিখিছে, “আজি তীৰ্থনগৰী প্ৰয়াগৰাজত মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সনাতনৰ চিৰন্তন চেতনাৰ অমৰ প্ৰতীক ‘অক্ষয়ৱত’ আৰু ‘সৰস্বতী কুপ’ৰ পৰিদৰ্শন কৰি পূজা কৰে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সুখ আৰু সৌভাগ্যৰ বাবে আমি ভগৱান যোগেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগতে এয়া কৰুণা আৰু মৰমৰ আত্মাস্পৰ্শী মিলন বুলি উল্লেখ কৰি লিখিছে, “এয়া চিৰন্তন সংস্কৃতি, এয়া মহা কুম্ভ ২০২৫, প্ৰয়াগৰাজৰ বাৰ্তা।” প্ৰয়াগৰাজত স্নান কৰাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাচীন লাট হনুমান মন্দিৰ আৰু অক্ষয়ৱত পৰিদৰ্শন কৰে। লগতে পৰম্পৰাগত নীতি অনুসাৰে মাতৃ গংগাক প্ৰাৰ্থনা জনায়।

ৰাজ্যপাল আনন্দী বেন পেটেলৰ লগতে তেওঁ ছাংগাম অঞ্চলত উপস্থিত চাইবেৰিয়ান চৰাইক আহাৰো আগবঢ়ায়। এই সমগ্ৰ ভ্ৰমণক সৌভাগ্যৰে ভৰা বুলি অভিহিত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।