শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ ঘটনাস্থলী পৰিদৰ্শন কৰি সাক্ষাৎ কৰিলে আহত লোকসকলক

প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত তাৰ পৰা পোনে পোনে মেঘনানী নগৰ অঞ্চলৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাস্থলীত পৰিস্থিতিৰ বুজ লৈ তেওঁ চিকিৎসালয়লৈ ৰাওনা হয় আৰু চিকিৎসাধীন হৈ থকা আহত লোকসকলকো সাক্ষাৎ কৰে।

আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ ঘটনাস্থলী পৰিদৰ্শন কৰি সাক্ষাৎ কৰিলে আহত লোকসকলক
আহমেদাবাদত প্ৰধানমন্ত্ৰী মোদীImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Updated On: 13 Jun 2025 11:50 AM

দেশৰ ইতিহাসৰ অন্যতম বৃহৎ ট্ৰেজেডী হিচাপে পৰিগণিত হ’ল আহমেদাবাদ বিমান দুৰ্ঘটনা। বৃহস্পতিবাৰে সংঘটিত হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এইপৰ্যন্ত ২৬৫ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। এই দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ দেশক। এই ঘটনাৰ পিছত আজি আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত চিকিৎসাধীন হৈ থকা আহত লোকসকলকো সাক্ষাৎ কৰে।

বিষয়াসকলে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত তাৰ পৰা পোনে পোনে মেঘনানী নগৰ অঞ্চলৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয়। এই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলো প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকে। দুৰ্ঘটনাস্থলীত পৰিস্থিতিৰ বুজ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় কৰ্তৃপক্ষৰ পৰা দুৰ্ঘটনা সন্দৰ্ভত বিতং খবৰ লয়।

 


ইয়াৰ পিছতে তেওঁ এই দুৰ্ঘটনাত আহত হোৱা লোকসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে চিকিৎসালয়লৈ ৰাওনা হয়। লক্ষণীয়ভাৱে এই দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকৰে মৃত্যু হয়। সমগ্ৰ বিমানখনৰ মাত্ৰ এগৰাকী যাত্ৰীহে দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে। এই ব্যক্তিজনক ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক কুমাৰ বিশ্বাস বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি ৪০ বছৰীয়া বিশ্বাস চিকিৎসকৰ তীক্ষ্ণ নজৰত আছে।

জানিব পৰা মতে মুখমণ্ডলৰ লগতে বুকু আৰু ভৰিতো আঘাত পাইছে বিশ্বাসে। অৱশ্যে এই সময়ত তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বিশ্বাসে বাৰ্তালাপ কৰাৰ ভিডিঅ’ও ইতিমধ্যে প্ৰকাশ পাইছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত বিশ্বাসে উল্লেখ কৰা মতে উৰণৰ ত্ৰিশ ছেকেণ্ডৰ পিছতে এক তীব্ৰ শব্দ হয় আৰু তাৰ পিছত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত আহত বাকী লোকসকলকো সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখ্য যে বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছত স্থানীয় এখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৱাস বাগৰি পৰে। ইয়াৰ ফলত আৱাসটোৰ কেইজনমান লোকেও প্ৰাণ হেৰুৱাইছে। আনহাতে আহত হৈছে বহুকেইজন লোক।