ৰহস্যময়ী কৰ্ণী মাতা মন্দিৰত প্ৰধানমন্ত্ৰী মোদী, সেনাৰ সৈতে আছে এক বিশেষ সংযোগ
বৃহস্পতিবাৰে ৰাজস্থানৰ বিকানেৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ মাজতে বিকানেৰ জিলাত অৱস্থিত দেশনোকৰ কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে। টিভি৯ ভাৰতবৰ্ষৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত কৰ্ণী মাতা মন্দিৰৰ পূজাৰীগৰাকীয়ে কয় যে ৰাজস্থানৰ বিকানেৰ এটা সীমান্তৱৰ্তী অঞ্চল। ইয়াত মাতা শক্তি এনেকুৱা যে যিকোনো সেনা জোৱানে পোষ্টিঙৰ পূৰ্বে নিশ্চিতভাৱে এই মন্দিৰলৈ দৰ্শনৰ বাবে যায়।

বৃহস্পতিবাৰে ৰাজস্থানৰ বিকানেৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ মাজতে বিকানেৰ জিলাত অৱস্থিত দেশনোকৰ কৰ্ণী মাতা মন্দিৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও বিকানেৰ ভাৰতীয় বায়ুসেনাৰ নল এয়াৰবেছ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে। অপাৰেচশ্যন সেন্দূৰৰ পিছত এয়া তেওঁৰ প্ৰথম ৰাজ্য ভ্ৰমণ। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক উপহাৰ দিয়ে ২৬ হাজাৰ কোটি টকাৰ প্ৰকল্প। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অমৃত ভাৰত যোজনাৰ অধীনত নতুনকৈ উন্নীত হোৱা দেশনোক ৰে”লৱে ষ্টেচনকে ধৰি সমগ্ৰ দেশৰ ১০৩টা অমৃত ষ্টেচন উদ্বোধন কৰে। বিকানেৰৰ সমীপৰ পলানা গাঁৱত এখন বৃহৎ ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।
মন্দিৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে বিকানেৰ পোৱাৰ লগে লগে প্ৰথমে কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰিবলৈ উপস্থিত হয়। তেওঁৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা । মন্দিৰত প্ৰাৰ্থনা কৰি মাতাৰ আশীৰ্বাদ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে।
মন্দিৰৰ বিশেষত্ব
মাতা কৰ্ণীৰ মন্দিৰে নিজৰ ভিতৰতে বহু গোপন ৰহস্য লুকুৱাই ৰাখিছে। মাতা কৰ্ণীৰ মন্দিৰৰ বিষয়ে দাবী কৰা হৈছে যে ইয়াত ২৫ হাজাৰৰো অধিক নিগনি উপস্থিত আছে। টিভি৯ৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত কৰ্ণী মাতা মন্দিৰৰ পূজাৰী গজেন্দ্ৰই কয় যে ৰাজস্থানৰ বিকানেৰ এটা সীমান্ত অঞ্চল। তাত মাতৃৰ খ্যাতি এনেকুৱা যে যিকোনো সেনা জোৱানে পোষ্টিঙৰ পূৰ্বে এই মন্দিৰত দৰ্শনৰ কৰে।
মন্দিৰৰ ৰহস্য কি
এই মন্দিৰত লুকাই থকা বহুতো গোপন কথা আজিলৈকে কোনেও জানিব পৰা নাই। ৰাজস্থানৰ বিকানেৰ চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰটো। আপুনি জানি আচৰিত হ’ব যে এই মন্দিৰত ২৫ হাজাৰৰো অধিক নিগনি উপস্থিত আছে। এই মন্দিৰত ইমান নিগনি কিয় থাকে? এই কথা আজিলৈকে ৰহস্যৰ বিষয় হৈয়ে আছে।
ৰে’লৱে ষ্টেচন উদ্বোধন
কৰ্ণী মাতা মন্দিৰ পৰিদৰ্শন কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশনোক ৰেল”ৱে ষ্টেচন উদ্বোধন কৰাৰ লগতে বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। এই উপলক্ষে উপস্থিত থাকে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। ইয়াৰ পাছতে পলানা গাঁৱলৈ গৈ ৰাজহুৱা সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ভাষণত পাকিস্তানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰদান কৰে। ইয়াৰ পূৰ্বেও অপাৰেচশ্যন সেন্দূৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত পাকিস্তানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰকাশ পাইছিল।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে ১০৩টা অমৃত ষ্টেচন উদ্বোধন কৰাৰ লগতে ২৬ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে ১০০০ কিলোমিটাৰ বৈদ্যুতিক ৰে’লপথ, ৭টা বৃহৎ পথ প্ৰকল্প, তিনিটা যানবাহন আণ্ডাৰপাছ, এটা পাৱাৰগ্ৰিড সংবহন প্ৰকল্প আৰু ৰাজস্থানৰ ৯০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ।