শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী, শ্বহীদ এজন সেনা জোৱান…

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। আজি পুৱাৰ পৰা চলি থকা এই গুলীয়াগুলীত এজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে।

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী, শ্বহীদ এজন সেনা জোৱান…
সেনা (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 22 May 2025 18:16 PM

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত অব্যাহত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা । খবৰ অনুসৰি, চলি থকা এই সংঘৰ্ষত শ্বহীদ হৈছে এজন সেনা জোৱান। এই গুলীয়াগুলী ছত্ৰুৰ সিংপোৰা অঞ্চলত চলি আছে। জানিব পৰা মতে, ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে মিলি এই অভিযান চলাই আছে।

উল্লেখ কৰা প্ৰয়োজন যে, উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পাছতে সেনা, আৰক্ষী আৰু চি আৰ পি এফে অঞ্চলটো ঘেৰি অভিযান আৰম্ভ কৰে। ঘেৰাও কটকটীয়া হোৱা দেখি সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিয়ে। এই এলেকাটোত দুই- তিনিটা সন্ত্ৰাসবাদীৰ দল আৱদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত হোৱাইট নাইট কৰ্পছে এটা পোষ্ট কৰি কয় যে, আজি পুৱা কিষ্টৱাৰা ছত্ৰুত আৰক্ষীৰ সৈতে যৌথ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ বাবে অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে। সেনা বিষয়াসকলে কৈছে যে, যেতিয়ালৈকে বিপদ কম নহয়,তেতিয়ালৈকে এই অভিযান অব্যাহত থাকিব। বেছি বিপদজনক ঠাইসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে চোকা নজৰ ৰখা হৈছে। কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক ভি কে বাৰ্ডিয়ে জনাই যে, যোৱা ৪৮ ঘন্টাত পুলৱামাৰ শ্বোপিয়ান আৰু ট্ৰাল অঞ্চলত দুটা পৃথক অভিযানত ছয়জন সন্ত্ৰাসবাদী নিহত হৈছে।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতত সন্ত্ৰাসবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। বিগত কেইটামান দিনত কেইবাজনো সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা বহু অভিযুক্তও গ্ৰেপ্তাৰ হৈছে। কিছুদিন পূৰ্বে নিৰাপত্তাৰক্ষীৰ গুলীচালনাত মৃত্যু হৈছিল লস্কৰ-ই-তৈবা, জেইছ-ই-মহম্মদ আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকা সন্ত্ৰাসবাদী।  আনকি পহলগাম কাণ্ডৰ সৈতে জড়িত থকা এজন অভিযুক্তৰো আৰক্ষীৰ গুলীচালনাত মৃত্যু হৈছে।

মুঠতে দেশৰ বিভিন্ন প্ৰান্তৰ লগে জম্মু-কাশ্মীৰৰ পৰাও সন্ত্ৰাসবাদীৰ শিপা উভালি পেলোৱাৰ চেষ্টা কৰিছে নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ মাজতে ভাৰত চৰকাৰেও সন্ত্ৰাসবাদীক কঠোৰ সকীয়নি প্ৰদান কৰি কৈছে যে, কোনো পধ্যেই সন্ত্ৰাসবাদীৰ মালিক আৰু তেওঁলোকক ৰেহাই দিয়া নহ’ব। ভাৰতে ইয়াৰ বিৰুদ্ধে অভিযান চলাই যাব।

 

 

অন্য খবৰ পঢ়কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত ৩ সন্ত্ৰাসবাদী…