এটা উত্তৰৰ সন্ধানত ৰাজ্যৰ ৰাজনীতি, গৌৰৱ পাকিস্তানলৈ গৈছিল নে?
এইবাৰ গৌৰৱ গগৈক মুকলি প্ৰত্যাহ্বান বিজেপি চৰকাৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম বিশ্বস্ত হিচাপে পৰিচিত পীযুষ হাজৰীকাৰ । মন্ত্ৰী পীযুষে গৌৰৱক ৰাজহুৱাভাৱে এই বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছে । গৌৰৱৰ পাকিস্তান ভ্ৰমণ ব্যক্তিগত নে ব্যৱসায় সংক্ৰান্তীয় সেই বিষয়ে ৰাজহুৱা কৰিবলৈ দাবী জনাইছে মন্ত্ৰীগৰাকীয়ে ।

অসমৰ ৰাজনীতিত এতিয়া এটা বিষয়ক লৈয়ে প্ৰশ্ন । প্ৰশ্ন নহয়, প্ৰশ্নকাকত বুলিহে ক’ব পাৰি । যেনেকৈ পৰীক্ষাত নিৰ্দিষ্ট এটা বিষয়ৰ প্ৰশ্নকাকত থাকে, তেনেকৈ অসমৰ ৰাজনীতিতো এতিয়া এটা নিৰ্দিষ্ট বিষয়ৰ প্ৰশ্নক লৈ চৰ্চা হৈছে । বিষয় গৌৰৱ গগৈ, প্ৰশ্নবোৰ এনে ধৰণৰ- গৌৰৱ পাকিস্তানলৈ গৈছিল নে? কিয় গৈছিল? তাত গৈ কি কৰিছিল? কাৰ সৈতে সংযুক্ত হৈছিল ইত্যাদি ।
প্ৰশ্ন বিভিন্ন হ’লেও শাসক পক্ষই যেন এটা উত্তৰহে বিচাৰিছে । গৌৰৱ গগৈৰ পৰা এবাৰ যেন শুনিব বিচাৰিছে পাকিস্তানলৈ গৈছিল বুলি । শাসক পক্ষৰ মুখ্যমন্ত্ৰীৰ পৰা সাধাৰণ নেতালৈকে বিভিন্নজনে সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈকে সকলোতে এটাই দাবী কৰিছে, গৌৰৱ গগৈয়ে ক’ব লাগে পাকিস্তানলৈ গৈছিল বুলি । শাসক পক্ষৰ নেতাৰ বক্তব্যত ইতিমধ্যে সেই কথা স্পষ্ট হৈ পৰিছে ।
সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দেখা গৈছে, য’ত গৌৰৱ গগৈৰ পুৰণি কেতবোৰ পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে । তাতেই কিছুমানে প্ৰত্যুত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান সম্পৰ্কীয় পুৰণি পোষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ।
এইবাৰ গৌৰৱ গগৈক মুকলি প্ৰত্যাহ্বান বিজেপি চৰকাৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম বিশ্বস্ত হিচাপে পৰিচিত পীযুষ হাজৰীকাৰ । মন্ত্ৰী পীযুষে গৌৰৱক ৰাজহুৱাভাৱে এই বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছে । গৌৰৱৰ পাকিস্তান ভ্ৰমণ ব্যক্তিগত নে ব্যৱসায় সংক্ৰান্তীয় সেই বিষয়ে ৰাজহুৱা কৰিবলৈ দাবী জনাইছে মন্ত্ৰীগৰাকীয়ে ।
কংগ্ৰেছ নেতাগৰাকীয়ে বিষয়টো পোনপটীয়াকৈ সম্বোধন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৃহস্পতিবাৰে হাজৰীকাই কয়, “তেওঁ ওলাই আহি বুজাব লাগে যে তেওঁ কিয় পাকিস্তানলৈ গৈছিল । ব্যক্তিগত ভ্ৰমণ আছিল নে আন কিবা ? ৰাজহুৱা স্বাৰ্থত আছিল নেকি ? অসম আৰু দেশৰ জনসাধাৰণে উত্তৰ জানিব খোজে।”
যোৱা সপ্তাহৰ আৰম্ভণিতে মন্ত্ৰী হাজৰীকাই ভাৰত-পাকিস্তান ক্ৰিকেট খেলৰ সময়ত দৃষ্টি আকৰ্ষণ কৰা গগৈৰ ২০২২ চনৰ ছ’চিয়েল মিডিয়া পোষ্ট এটা পুনৰ শ্বেয়াৰ কৰিছিল । কংগ্ৰেছৰ সাংসদগৰাকীয়ে পাকিস্তানৰ বানাক্ৰান্তৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ সমান্তৰালভাৱে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ক্ৰিকেট বিজয় উদযাপন কৰিছিল ।
সেই সময়ত গগৈয়ে লিখিছিল, “পাকিস্তানৰ বিৰুদ্ধে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বিজয় উদযাপন কৰি থকাৰ সময়ত আমাৰ চুবুৰীয়া দেশত প্ৰায় ১০০০ লোকৰ প্ৰাণ কাঢ়ি নিয়া দুৰ্যোগক আমি পাহৰিব নালাগে । অভূতপূৰ্ব বানে চহৰ আৰু ঘৰ-দুৱাৰ ধ্বংস কৰিছে । পাকিস্তানী জনসাধাৰণক জৰুৰী সকাহ আৰু সমৰ্থনৰ প্ৰয়োজন ।”
হাজৰীকাই এই স্থিতিক “ভুল স্থানত দিয়া সহানুভূতি” বুলি সমালোচনা কৰি গগৈয়ে “দেশপ্ৰেমৰ আৱেগতকৈ পাকিস্তানৰ ওচৰত বাৰে বাৰে নিজকে থিয় কৰাইছিল” বুলি প্ৰকাশ কৰে । ইফালে সামাজিক মাধ্যমত ইয়াৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰা পোষ্ট শ্বেয়াৰ কৰে বিভিন্নজনে । এতিয়া যেন অসমৰ ৰাজনীতিত এটাই প্ৰশ্ন গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে? কেতিয়া গৌৰৱে স্বীকাৰ কৰিব এই কথা ।