শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
হাফিজক গতাই দিয়ক, পাক চৰকাৰক কঠোৰ বাৰ্তা ভাৰতৰ ৰাষ্ট্ৰদূতৰ

হাফিজক গতাই দিয়ক, পাক চৰকাৰক কঠোৰ বাৰ্তা ভাৰতৰ ৰাষ্ট্ৰদূতৰ

barasha-sarma
Barasha Sarma | Published: 21 May 2025 23:31 PM

যুদ্ধবিৰতিৰ বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই । তেওঁ লগতে কয়, "সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব ।

এটাই ৰাস্তা, সেয়া হ’ল হাফিজক ভাৰতক গতাই দিয়া । ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙে সোমবাৰে ইজৰাইলৰ এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ।

তেওঁৰ ভাষাত “অপাৰেশ্যন সেন্দূৰ শেষ হোৱা নাই, স্থগিতহে ৰখা হৈছে । পহলগামত ধৰ্মীয় পৰিচয় সুধি সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল পৰ্যটকক । সেইবাবেই ভাৰতে পাকিস্তানৰ সমগ্ৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিও ভাঙি পেলাইছে ।”

তাৰ পাছত যুদ্ধবিৰতিৰ বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই । তেওঁ লগতে কয়, “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব । এক নতুন স্বাভাৱিক পৰিৱেশ সৃষ্টি কৰিছে ভাৰতে । যিয়ে কেৱল আক্ৰমণাত্মক কৌশলত বিশ্বাস কৰে । য’তেই সন্ত্ৰাসবাদীয়ে নিজৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব । আমি তাত সোমাই সেই ঘাটি ভাঙি পেলাম ।”

জ্ঞাত সূত্ৰৰ মতে, ভাৰতত সন্ত্ৰাসবাদ লস্কৰৰ হাতেৰেই আৰম্ভ হৈছিল । সম্প্ৰতি তেওঁলোকৰ মূৰব্বী সন্ত্ৰাসবাদী নেতা হাফিজ ছাইদ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হোৱাৰ পিছতো পাকিস্তানে তেওঁক এৰি দিয়া নাই । ইজৰাইলৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জে পি সিঙে কয়, “পাকিস্তানে হাফিজ ছাইদ, ছাজিদ মিৰ আৰু জাকিউৰ ৰহমানক আমাৰ হাতত গতাই দিব লাগে । ঠিক যেনেকৈ আমি টাহাউৰ ৰানাক ভাৰতলৈ আনিছোঁ ।”

অপাৰেশ্যন সেন্দূৰে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ খবৰটো ইতিমধ্যে সমগ্ৰ বিশ্বই অৱগত । ৭ মে’ত ভাৰতীয় সেনাই চলোৱা অভিযানত মাছুদ ৰাতিটোৰ ভিতৰতে ‘পৰিয়ালহাৰা’ হৈ পৰিল । ভাৰতৰ প্ৰতিশোধৰ ফলত তেওঁৰ সমগ্ৰ পৰিয়ালটো নিঃশেষ হৈ গ’ল ।