GST সংস্কাৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্ত, ‘প্ৰতিশ্ৰুতি’ পূৰ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
STৰ এই ধৰণৰ সংস্কাৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্ত বুলিও তেওঁ অভিহিত কৰে। তেওঁ লগতে বিগত স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰসঙ্গও উল্লেখ কৰে।

বুধবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে GST সন্দৰ্ভত গ্ৰহণ কৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। GST পৰিষদৰ বৈঠকত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে দেশবাসীক সকাহ প্ৰদান কৰি GSTৰ সংস্কাৰ সাধন কৰে। নতুন GST সংস্কাৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। GST ২.০ৰ জৰিয়তে জনসাধাৰণৰ জীৱন সহজ হৈ পৰিছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই সংস্কাৰৰ জৰিয়তে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণ যথেষ্ট উপকৃত হৈছে আৰু ইয়াৰ ফলত ঘৰুৱা বাজেট উন্নত হ’ব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়।
কাইলৈ উদযাপন কৰিবলগা শিক্ষক দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে মত বিনিময় কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰিছে। GSTৰ এই ধৰণৰ সংস্কাৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্ত বুলিও তেওঁ অভিহিত কৰে। তেওঁ লগতে বিগত স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰসঙ্গও উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এইবাৰ ১৫ আগষ্টত মই লালকিল্লাৰ পৰাই কৈছিলো যে ভাৰতক আত্মনিৰ্ভৰশীল কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ কৰাটো অতি প্ৰয়োজনীয়। মই দেশবাসীকো প্ৰতিশ্ৰুতি দিছিলো যে এই দীপাৱলী আৰু ছঠ পূজাৰ আগে আগে সুখৰ ‘ডাবল ধামাকা’ হ’ব। কালি ভাৰত চৰকাৰে ৰাজ্যসমূহৰ সহযোগত এক অতি ডাঙৰ সিদ্ধান্ত লৈছে।”
“এতিয়া GST আৰু সহজ হৈ পৰিছে। এতিয়া GSTৰ হাৰ মাত্ৰ দুটা – ৫ আৰু ১৮ শতাংশ। ২২ ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ’ব জি এছ টিৰ নতুন হাৰ।”- এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। অহা ২২ ছেপ্টেম্বৰৰ পৰা পানীৰ পৰা আৰম্ভ কৰি চেম্পুলৈকে সকলো সস্তা হ’ব বুলি তেওঁ লগতে কয়।
যি প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেয়া পূৰণ হ’ল বুলিও তেওঁ লগতে দোহাৰে। সময়ৰ লগে লগে পৰিৱৰ্তন প্ৰয়োজনীয় বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে কৰ সন্দৰ্ভত তেওঁ কংগ্ৰেছৰ ওপৰত তীক্ষ্ণ আক্ৰমণ চলায়। কংগ্ৰেছে সাধাৰণ মানুহৰ চাইকেলখনৰ ওপৰতো ১৭ শতাংশ কৰ আৰোপ কৰিছিল আৰু কংগ্ৰেছৰ দিনত ঘৰ সাজিবলৈকে কঠিন হৈ পৰিছিল বুলি তেওঁ দাবী কৰে।
তেওঁ লগতে ভাৰতক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এই সংস্কাৰৰ ধাৰাবাহিকতা বন্ধ নহয় বুলিও উল্লেখ কৰে। “ভাৰতৰ বাবে আত্মনিৰ্ভৰশীলতা.. এয়া কোনো শ্ল’গান নহয়, এই দিশত সুনিৰ্দিষ্ট প্ৰচেষ্টা চলোৱা হৈছে। GST ২.০ দেশৰ বাবে সমৰ্থন আৰু বিকাশৰ দুগুণ মাত্ৰা। নতুন GST সংস্কাৰৰ জৰিয়তে দেশৰ প্ৰতিটো পৰিয়ালে বিপুল সুবিধা লাভ কৰিব।”- প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।