শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাহেকীয়াত পেটৰ বিষৰ সমস্যা হয় নেকি? সহজ ঘৰুৱা উপায়েৰে পাওক মুক্তি

এই বিষৰ বাবে বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই। ইয়াত আমি আপোনালোকৰ বাবে কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যিবোৰ অনুসৰণ কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।

মাহেকীয়াত পেটৰ বিষৰ সমস্যা হয় নেকি? সহজ ঘৰুৱা উপায়েৰে পাওক মুক্তি
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ
barasha-misra
Barasha Misra | Updated On: 04 Sep 2025 23:31 PM

বহু মহিলাৰ মাহেকীয়াত পেটৰ বিষৰ দৰে সমস্যা হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। কিন্তু এতিয়া এই বিষৰ বাবে বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই। ইয়াত আমি আপোনালোকৰ বাবে কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যিবোৰ অনুসৰণ কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।

জিৰা পানী ব্যৱহাৰ কৰক

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলেও গেছৰ সমস্যা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ পেটত বিষ হোৱাৰ সম্ভাৱণা থাকে। ইয়াৰ পৰা মুক্তি পাবলৈ আপোনাৰ পাকঘৰত থকা জিৰা হৈছে উত্তম বিকল্প। পিৰিয়ডৰ সময়ত বিষৰ পৰা উপশম পাবলৈ আধা চামুচ আজৱাইন নিমখ আৰু কুহুমীয়া পানীৰ সৈতে খাব লাগে। ইয়াৰ দ্বাৰা বিষৰ পৰা সকাহ পাব।

আদা আৰু মৌ

অসহ্যকৰ বিষৰ বাবে ঋতুস্ৰাৱৰ সময়ত কাম কৰাটো কঠিন হৈ পৰে। গতিকে এই বিষৰ পৰা সকাহ পাবলৈ এচামুচ মৌ আৰু আদাৰ ৰস মিহলাই একেলগে খাব লাগে। ইয়াৰ পৰাও আৰাম পাব পাৰে মহিলাসকলে।

কেৱল আদাও যথেষ্ঠ উপকাৰী

মাহেকীয়াৰ বিষৰ বাবে কেৱল আদা ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়। ইয়াৰ বাবে মিহিকৈ কটা আদাৰ টুকুৰা আধা গিলাচ পানীত উতলাই লওক। ইয়াত চেনিও দিব পাৰে, যাতে ইয়াৰ সোৱাদ তিতা নহয়।

গৰম পানী

মাহেকীয়াৰ সময়ত গৰম পানী খোৱা অভ্যাস কৰিব লাগে। আপোনাৰ তলপেটত গৰম পানীৰ বেগেৰে সেক দিয়ক বা গৰম ভাপ প্ৰয়োগ কৰক।

(এই লেখাত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। টিভি৯ অসমে এইবোৰ নিশ্চিত নকৰে। বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এই কথা অনুসৰণ কৰক।)