GSTৰ পৰিৱৰ্তন! তেল-চেম্পুৰ পৰা টিভি, বাহনলৈ… কি কি সামগ্ৰীৰ কমিব দাম?
দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী তেল, চেম্পু, টুথপেষ্ট, চাবোন, টুথব্ৰাছ, শ্বেভিং ক্ৰীম, মাখন, ঘিউ, পনীৰ, দুগ্ধজাত সামগ্ৰী, নিমখ আৰু জলকীয়া, বাচন-বৰ্তন, নেপকিন, ডায়েপাৰ, চিলাই মেচিন আদিৰ দাম কমিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য বীমাৰ ওপৰত কোনোধৰণৰ GST নাথাকিব।
সাধাৰণ জনতাক সকাহ দিয়াৰ উদ্দেশ্যেৰে ২২ ছেপ্টেম্বৰৰ পৰাই কাৰ্যকৰী হ’ব GSTৰ নতুন স্লেব। য’ত জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ পৰা GST আঁতৰোৱাৰ লগতে কেইবাটাও সামগ্ৰীৰ GST হ্ৰাস কৰা হৈছে। এই পৰিৱৰ্তনৰ ফলত দৈনন্দিন প্ৰয়োজনীয় কেইবাটাও সামগ্ৰীৰ দাম হ্ৰাস পাব।
দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী তেল, চেম্পু, টুথপেষ্ট, চাবোন, টুথব্ৰাছ, শ্বেভিং ক্ৰীম, মাখন, ঘিউ, পনীৰ, দুগ্ধজাত সামগ্ৰী, নিমখ আৰু জলকীয়া, বাচন-বৰ্তন, নেপকিন, ডায়েপাৰ, চিলাই মেচিন আদিৰ দাম কমিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য বীমাৰ ওপৰত কোনোধৰণৰ GST নাথাকিব। ইয়াৰ লগতে থাৰ্মোমিটাৰ, অক্সিজেন, ডায়েগনষ্টিক কিট, ৰিএজেণ্ট, গ্লুক’মিটাৰ, টেষ্ট ষ্ট্ৰিপ আদিৰ দামো হ্ৰাস পাব। পঢ়া-শুনাৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ বাবে কোনো ধৰণৰ GSTৰ প্ৰয়োজন নহ’ব। কৃষি খণ্ডত ট্ৰেক্টৰ, টায়াৰ, জৈৱ-কীটনাশক, ড্ৰিপ জলসিঞ্চন ব্যৱস্থা, মাটি খান্দিবলৈ ব্যৱহাৰ কৰা মেচিনৰ দাম হ্ৰাস পাব। আৰু কি কি সামগ্ৰীৰ দাম কমিব, চাও আহক-