শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
GST Reforms, Mediclaim: সুখবৰ! জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত দিব নালাগে কোনো ধৰণৰ GST

GST Reforms, Mediclaim: সুখবৰ! জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত দিব নালাগে কোনো ধৰণৰ GST

barasha-misra
Barasha Misra | Updated On: 04 Sep 2025 21:37 PM

জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত কোনো ধৰণৰ GST দিব নালাগে এতিয়াৰ পৰা। বুধবাৰে GST পৰিষদৰ বৈঠকত এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে GST স্লেব সলনিৰ কথা।

বৰ্তমান চিকিৎসাৰ খৰচ যিদৰে বৃদ্ধি পাইছে, বীমা নকৰিলে সকাহ পোৱাৰ কোনো উপায় নাই। কিন্তু সেই বীমাৰ লগতে GST দি সাধাৰণ মানুহে কষ্ট ভুগিব লগা হয়। কিন্তু অৱশেষত সকাহ দিলে চৰকাৰে। জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত কোনো ধৰণৰ GST দিব নালাগে এতিয়াৰ পৰা। বুধবাৰে GST পৰিষদৰ বৈঠকত এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে GST স্লেব সলনিৰ কথা।

সীতাৰমণে কয়, “বৰ্তমান ১৮%ৰ পৰা বীমা সেৱা দুটা, তিনিটা ভিন্ন শ্ৰেণীত ভগোৱা হ’ব। টাৰ্ম লাইফ হওক, ইউএলআইপি, বা এনডাউমেণ্ট পলিচি হওক, সকলো ব্যক্তিগত জীৱন বীমা পলিচি আৰু ইয়াৰ পুনৰ বীমাৰ GST ৰেহাই দিয়া হ’ব, যাতে সাধাৰণ মানুহৰ বাবে বীমা সুলভ কৰি তোলা হয় আৰু দেশত বীমাৰ কভাৰেজ বৃদ্ধি পায়।”

বৰ্তমান জীৱন বীমা আৰু স্বাস্থ্য বীমা দুয়োখন বীমা পলিচিৰ বাবে ১৮ শতাংশ হাৰত GST লোৱা হয়। অৰ্থাৎ কোনোবাই যদি ১০,০০০ টকীয়া প্ৰিমিয়াম দিবলগীয়া হয়, তেন্তে তেওঁ আৰু ১৮০০ টকা কেৱল GST হিচাপে দিব লাগিব, অৰ্থাৎ মুঠ প্ৰিমিয়াম ১১,৮০০ টকা। এই সমগ্ৰ বোজা এতিয়া কমি যাব। অৰ্থাৎ যদি প্ৰিমিয়াম ১০ হাজাৰ টকা হয় তেন্তে সেই ১০ হাজাৰ টকা দিলেই হ’ব।

সবিশেষ জানক ভিডিঅ’টোত…