কেনে চলিছে প্ৰচাৰ, নিৰ্বাচনক লৈ কিমান আশাবাদী হাগ্ৰামা মহিলাৰী?
সভাত অংশ লৈ তেওঁ ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে কৰা সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে। হাগ্ৰামা মহিলাৰীৰ স্পষ্ট মত, “কোনে কি কয় কৈ, থাকক মুঠৰ ওপৰত বিটিচি নিৰ্বাচনত বিপিএফ দলৰ জয়লাভ নিশ্চিত।”
অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি বিপিএফৰ মুৰব্বীগৰাকীয়ে ১৪ নং চিৰাং দুৱাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ নিজ গাঁও আশ্ৰাবাৰীতে আজি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত তেওঁ পুনৰ এবাৰ বিটিআৰত বিপিএফে ক্ষমতা দখল কৰিব বুলি দৃঢ়তাৰে দাবী কৰে।
সভাত অংশ লৈ তেওঁ ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে কৰা সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে। হাগ্ৰামা মহিলাৰীৰ স্পষ্ট মত, “কোনে কি কয় কৈ, থাকক মুঠৰ ওপৰত বিটিচি নিৰ্বাচনত বিপিএফ দলৰ জয়লাভ নিশ্চিত।” ইফালে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক সপোন দেখা মানুহ আৰু সপোনত চৰকাৰ গঠন কৰিব বুলি কৰা কটাক্ষৰ প্ৰতুত্ত্যৰত হাগ্ৰামা মহিলাৰীয়ে জীৱনতো তেওঁ সপোন নেদেখে বুলি মন্তব্য কৰে।