শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাগপুৰত পতঞ্জলি ফুড এণ্ড হাৰ্বল পাৰ্ক উদ্বোধন, কৃষকৰ বাবে বাবা ৰামদেৱৰ বিশেষ পদক্ষেপ…

মহাৰাষ্ট্ৰৰ নাগপুৰত পতঞ্জলি খাদ্য আৰু বনৌষধি উদ্যান উদ্বোধন। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰীকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

নাগপুৰত পতঞ্জলি ফুড এণ্ড হাৰ্বল পাৰ্ক উদ্বোধন, কৃষকৰ বাবে বাবা ৰামদেৱৰ বিশেষ পদক্ষেপ…
পতঞ্জলীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 09 Mar 2025 18:44 PM

মহাৰাষ্ট্ৰৰ নাগপুৰত পতঞ্জলি খাদ্য আৰু বনৌষধি উদ্যান (Patanjali Food and Herbal Park) উদ্বোধন। এই সময়চোৱাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছকে ধৰি বহু কেইবাগৰাকী বিশিষ্টলোক। দুয়োগৰাকী নেতাকে আমন্ত্ৰণ জনাই বাবা ৰামদেৱে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰথমে বিদৰ্ভবাসীৰ হৈ বাবা ৰামদেৱ আৰু আমাৰ আচাৰ্য বালকৃষ্ণক ধন্যবাদ জ্ঞাপন কৰিছো।

লগতে তেওঁ কয় , মোৰ মনত আছে, আজিৰ পৰা প্ৰায় ৯ বছৰ পূৰ্বে আমি মেগা ফুড পাৰ্কৰ ভেটি স্থাপন কৰিছিলো। সেই সময়ত আমি বহু সমস্যাৰ সন্মুখীন হৈছিলো। কিন্তু যেতিয়া মই বাবা ৰামদেৱ আৰু আচাৰ্যৰ সৈতে কথা পাতিছিলো তেতিয়া তেওঁলোকে মোক কৈছিল যে আপুনি নাগপুৰৰ কথা চিন্তা নকৰিব, তাৰ সকলো কাম আমি সম্পূৰ্ণ কৰিম আৰু আজি সেই কাম দুয়ো সম্পূৰ্ণ কৰি দেখুৱালে। কথা-বতৰাৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে পতঞ্জলিৰ জুচ খাই বহু প্ৰশংসাও কৰে।

ভূমি বিনামূলীয়া নহয়

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আমি বাবা ৰামদেৱক নামপুৰলৈ আহিবৰ বাবে আহ্বান জনাইছিল। বহু কেইখন ৰাজ্যই তেওঁক বিনামূলীয়া ভূমি প্ৰদান কৰি আমন্ত্ৰণ কৰি আছে। কিন্তু যেতিয়া মই আৰু গাডকাৰীয়ে বাবা ৰামদেৱক অনুৰোধ জনাইছিল তেতিয়া তেওঁ কৈছিল যে মই নাগপুৰলৈয়ে যাম। বাবা ৰামদেৱ নাগপুৰলৈ অহাৰ বাবে বিনামূলীয়া মাটি দিয়া হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰাগৰাকীয়ে কয় যে বাবাক কেৱল এই মাটিৰ টেণ্ডাৰহে দিয়া হৈছে।

তেওঁ কয়, আমি স্বচ্চতা বজাই ৰাখিব বিচাৰিছিলো, যাৰ বাবে কৈছিলো যে যিয়ে বেছি দাম দিয়ে তাকে এই ভূমি প্ৰদান কৰা হ’ব। আমাৰ ইচ্ছা যে সৰ্বোচ্চ মূল্য দি আপোনালোকক মাটি দিয়া হওক। বাবা ৰামদেৱেও এই প্ৰত্যাহ্বান মানি লৈছিল। এই ভূমিৰ বাবে আমি ৩ বাৰ টেণ্ডাৰ উলিয়াইছিলো কিন্তু তিনিওবাৰে পতঞ্জলিৰ বাহিৰে আন কোনোৱে এই মাটি ল’বলৈ আগবাঢ়ি নাহিল।

পাৰ্কত কমলা কটা আৰু পেকেজ কৰা হ’ব

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই উদ্যানখনত কমলা চপোৱাৰ পৰা আৰম্ভ কৰি প্রচেছিং আৰু পেকেজিংলৈকে সমগ্র প্রক্রিয়া কৰা হ’ব। ইয়াৰ ফলত কমলাৰ অপচয় হ্ৰাস পাব আৰু কৃষকে অধিক সুবিধা লাভ কৰিব। পতঞ্জলিয়ে আকাৰ বা গুণগত মান নিৰ্বিশেষে সকলো ধৰণৰ কমলা ব্যৱহাৰ কৰিব। ইমানেই নহয়, বাকলি আৰু গুটিৰ ব্যৱহাৰ কৰি অপচয় ৰোধ আৰু সৰ্বাধিক উৎপাদন কৰিব পৰা যাব।

উদ্যানখনত আধুনিক কোল্ড ষ্টৰেজৰ সুবিধাও থাকিব, য’ত কৃষকসকলে নিজৰ সামগ্ৰীসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰিব আৰু যেতিয়াই বিচাৰে বিক্ৰী কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে ভাল লাভ আদায় কৰিব পাৰিব। ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল পতঞ্জলিয়ে ইয়াত এখন নাৰ্চাৰীও স্থাপন কৰিব য’ত কমলা গছৰ খেতি কৰিব পৰা যাব। ইয়াৰ দ্বাৰা অঞ্চলটোত কমলাৰ উৎপাদন বৃদ্ধিত সহায়ক হ’ব। কমলা ব’ৰ্ড গঠনৰ ঘোষণাই কমলা উৎপাদকসকলক অধিক সহায় কৰিব বুলি আশা কৰা হৈছে বুলি উল্লেখ কৰে ফানদাবিছে।