পৰাক্ৰম দিৱসঃ জানক ইতিহাস, মহত্ব আৰু কিয় পালন কৰা হয়…
Parakram diwas: আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস। এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন হৈছে। লগতে বিভিন্ন জনে নেতাজীক জনাইছে শ্ৰদ্ধাঞ্জলি।
 
                                ভাৰতৰ বাবে জানুৱাৰী মাহটোৰ মহত্ব অধিক। কিয়নো এই মাহতেই ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰে গণৰাজ্য দিৱস। কিন্তু তাৰ পূৰ্বে ২৩ জানুৱাৰীত দেশে পালন কৰে পৰাক্ৰম দিৱস (Parakram Diwas)। এই দিৱসটো দেশৰ এগৰাকী সাহসী স্বাধীনতা সংগ্ৰামীৰ বীৰত্বৰ প্ৰতি উৎসৰ্গিত। এই দিনটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত। পৰাক্ৰমা দিৱস প্ৰতি বছৰৰ ২৩ জানুৱাৰীত পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানক সন্মান জনোৱা আৰু দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰা।
ইতিহাস
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল ১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটকত। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰা নেতাসকলৰ ভিতৰত বসুও আছিল অন্যতম। এই মহান নেতাগৰাকীক সন্মান জনোৱাৰ উদ্দেশ্য প্ৰতিবছৰে তেওঁৰ জন্ম দিনটোত পৰাক্ৰমা দিৱস পালন কৰা হয়।
সুভাষ চন্দ্ৰ বসুয়ে আজাদ হিন্দ ফৌজৰ স্থাপন কৰিছিল আৰু জয় হিন্দ, মোক তুমি তেজ দিয়া মই তোমাক স্বাধীনতা দিম আজি প্ৰেৰণাদায়ক শ্লোগান দিছিল। তেওঁৰ বীৰত্বই স্বাধীনতা সংগ্ৰামৰ সেনানীসকলক অন্য এক প্ৰেৰণা যোগাইছিল যাৰ ফলত লাখ লাখলোক স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল।
ব্ৰিটিছৰ কবলৰ পৰা দেশ মুক্ত কৰাত নেতাজীয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেতাজীয়ে ১৯২১ চনত মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনতো অংশ লৈছিল। তদুপৰি ইংলেণ্ডৰ পৰা উভতি অহাৰ পিছত নেতাজীয়ে ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতি হৈ ভাৰতৰ স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছিল।
মহত্ব
আমাৰ দেশক পৰাক্ৰম দিৱসৰ মহত্ব অধিক। এই দিৱসে আমাক সোঁৱৰাই দিয়ে নেতাজীৰ বিচাৰাধাৰ আৰু বলিদানৰ কথা। এই দিনটোৱে আমাক প্ৰেৰণা যোগাই যে আমি দেশৰ হকে যিকোনো কামেই কৰিব পাৰো।
কেতিয়াৰ পৰা পালন কৰা হয়
২০২১ চনত ভাৰত চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তীত পৰাক্ৰম দিৱস পালনৰ ঘোষণা কৰিছিল। তেতিয়াৰ পৰা দেশে ২৩ জানুৱাৰীত এই দিৱস পালন কৰি আহিছে। এই দিৱসৰ উদ্দেশ্য হ’ল নেতাজীৰ জীৱন আৰু তেওঁৰ শিক্ষাক জনসাধাৰণৰ মাজলৈ লৈ যোৱা। এই দিৱসৰ দিনা দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়। এই দিনটোত নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ অৱদানক স্মৰণ কৰা হয়।
বিষয়বস্তু
প্ৰতিবছৰে পৰাক্ৰমা দিৱসত এটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হয়। ২০২৪ চনত এই দিৱসটো “নেতাজী: নতুন ভাৰতৰ বাবে প্ৰেৰণা” শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হৈছিল। আনহাতে ২০২৫ বৰ্ষত এই দিৱসৰ বিষয়বস্তু হ’ল “নেতাজী: সাহস, দৃঢ়তা আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি”।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      