শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি কি ক’লে কংগ্ৰেছে ?

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ কয় যে, শক্তিশালী আৰু সৰ্বাংগীন ভাৰতৰ সপোনেৰে নেহৰুৱে নিজৰ দূৰদৰ্শী নেতৃত্বৰে স্বাধীন ভাৰতৰ এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।

আজি জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি কি ক’লে কংগ্ৰেছে ?
পণ্ডিত জৱাহৰলাল নেহৰুImage Credit source: GettyImage
Manas Borah
Manas Borah | Updated On: 27 May 2025 13:05 PM

আজি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিৰোধী দলপতি ৰাহুল গান্ধীলৈকে সকলোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে । ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ কৰে ।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ কয় যে, শক্তিশালী আৰু সৰ্বাংগীন ভাৰতৰ সপোনেৰে নেহৰুৱে নিজৰ দূৰদৰ্শী নেতৃত্বৰে স্বাধীন ভাৰতৰ এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।

ইয়াৰ লগতে ৰাহুল গান্ধীয়ে কয় যে, সামাজিক ন্যায়, আধুনিকতা, শিক্ষা, সংবিধান আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাত পণ্ডিত জৱাহৰলাল নেহৰুৰ অৱদান অমূল্য। তেওঁৰ আদৰ্শই সদায় পথ প্ৰদৰ্শন কৰিব বুলি কয় ৰাহুল গান্ধীয়ে ।

কংগ্ৰেছৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ এটা পোষ্টত কোৱা হৈছে যে, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক আমি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ আদৰ্শ আজিও আমাৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক। তেখেতৰ অতুলনীয় উত্তৰাধিকাৰ আৰু নেতৃত্বৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি। নেহৰুজীৰ মৃত্যু বাৰ্ষিকীত শান্তি বনত ছোনিয়া গান্ধীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Jawaharlal Nehru's Death Anniversary

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী

একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ কৰে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰি তেওঁ লিখিছে, আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলত লিখিছে যে,৬১ সংখ্যক মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ কৰা হৈছে ।

জৱাহৰলাল নেহৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী আছিল। ১৯৪৭ চনত দেশখনে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ১৯৬৪ চনৰ ২৭ মে’ত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।