শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শোকাৱহ! বাহনৰ ভিতৰত একেটা পৰিয়ালৰ ৭ জনকৈ লোকৰ চৰম পন্থা, কাৰণ…

একেটা পৰিয়ালৰ ৭ জন লোকে বাচি ল'লে মৃত্যুক। বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় আটাইকেইটা মৃতদেহ। পৰিয়ালটোত আছিল পিতৃ-মাতৃ, তিনিটা সন্তান আৰু স্বামী-স্ত্ৰী। হনুমান কথা কাৰ্যসূচীত অংশগ্ৰহণ কৰি উভতি আহিছিল পৰিয়ালটো। 

শোকাৱহ! বাহনৰ ভিতৰত একেটা পৰিয়ালৰ ৭ জনকৈ লোকৰ চৰম পন্থা, কাৰণ…
একেটা পৰিয়ালৰ ৭ জনকৈ লোকৰ চৰম পন্থা
Trishna Kalita
Trishna Kalita | Updated On: 27 May 2025 10:18 AM

হাৰিয়ানাৰ পঞ্চকুলাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। মুহূৰ্ততে এটা পৰিয়ালে শেষ কৰিলে জীৱন। বাহনৰ ভিতৰতে একেলগে বিষপান কৰিলে পিতৃ-মাতৃ আৰু সন্তানে । বাহনখনৰ  ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৭টাকৈ মৃতদেহ। এগৰাকী বিষয়াই জনোৱা মতে, আটাইকেইটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

বিষপান কৰি চৰম পন্থা লোৱা পৰিয়ালটো উত্তৰাখণ্ডৰ পঞ্চকুলাত বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱাসকলৰ ভিতৰত আছে দম্পতী আৰু তেওঁলোকৰ তিনিটা সন্তানৰ লগতে পৰিয়ালটোৰ বৃদ্ধ সদস্য।  মৃতদেহকেইটা উদ্ধাৰ হোৱা বাহনখনৰ নম্বৰ ডেৰাডুনৰ বুলি জানিব পৰা গৈছে। বিষয়টো সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

পৰিয়ালটো উত্তৰাখণ্ডৰ আছিল যদিও পঞ্চকুলাৰ ১২০৪ নম্বৰ ঘৰৰ সন্মুখত ডেৰাডুনৰ নম্বৰ থকা এখন গাড়ীত বিষপান কৰে। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিশা এই ঘটনাৰ খবৰ লাভ কৰে। নিশা প্ৰায় ১১ বজাত ফোন কৰি জনোৱা হৈছিল যে পঞ্চকুলাৰ ছেক্টৰ-২৭ত এখন বাহনৰ ভিতৰত কিছু লোকে আত্মহত্যা কৰিছে।

ঘটনা খবৰ লাভ কৰাৰ লগে লগে সেই স্থানত আৰক্ষী উপস্থিত হৈ বাহনৰ পৰা মৃতদেহবোৰ উলিয়ায়। পিছত মৰণোত্তৰ পৰীক্ষা বাবে মৃতদেহকেইটা পঞ্চকুলাৰ ২৬ নং ছেক্টৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ মৰ্চাৰীত ৰখা হয় । বাহনখনত ৭ জন লোক আছিল। চিকিৎসকে আটাইকেইজনে মৃত বুলি ঘোষণা কৰিলে। চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই আটাইকেইজনৰ মৃত্যু হৈছিল। নিহত লোকসকল দেশৰাজ মিট্টল আৰু প্ৰবীণ মিট্টলৰ লগতে তেওঁলোকৰ পৰিয়াল বুলি জানিব পৰা গৈছে।

গোচৰটোৰ তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে শেহতীয়াকৈ প্ৰবীনে ডেৰাডুনত ভ্ৰমণৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁ নিজৰ ব্যৱসায়ত বহু টকা বিনিয়োগ কৰিছিল, কিন্তু সফল নহ’ল। এনে পৰিস্থিতিত ব্যৱসায়ত হোৱা লোকচানৰ বাবে প্ৰবীণৰ পৰিয়ালটো ঋণী হৈ পৰিছিল। পৰিয়ালটোক পোহপাল দিয়াটো তেওঁৰ বাবে বৰ কঠিন হৈ পৰিছিল। সেইবাবেই পৰিয়ালটোৱে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ কৰা হৈছে ।

উল্লেখ্য যে, পঞ্চকুলাত আয়োজন কৰা বাগেশ্বৰ বাবাৰ হনুমান কথা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পৰিয়ালৰ সৈতে গৈছিল প্ৰবীণ মিট্টল । কাৰ্যসূচী শেষ হোৱাৰ পিছত ডেৰাডুনলৈ উভতি আহোঁতে তেওঁলোকে এই ঘটনা সংঘটিত কৰে। পঞ্চকুলাৰ ডিচিপি হিমাদ্ৰী কৌশিক আৰু ডিচিপি ল’ এণ্ড অৰ্ডাৰ অমিত দহিয়াই ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোটও উদ্ধাৰ কৰে। অৱশ্যে ছুইচাইড নোটত কি লিখা আছে, এই কথা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।