শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেৱল স্মৃতিয়েই নহয়, বৈভৱো হৈছিল পলাশৰ প্ৰৱঞ্চনাৰ চিকাৰ! আৰক্ষীয়ে চলাইছে তদন্ত

স্মৃতিক প্ৰতাৰণা কৰাৰ অভিযোগত ব্যাপক বিতৰ্কত সোমাই পৰা পলাশ মুচ্ছল এতিয়া আন এক নতুন বিতৰ্কত সোমাই পৰিছে। স্মৃতি মান্ধানাক প্ৰতাৰণা কৰাৰ অভিযোগৰ পাছত এইবাৰ পলাশৰ বিৰুদ্ধে উঠিছে আন এক প্ৰতাৰণাৰ অভিযোগ চাওক এই বিষয়ে।

কেৱল স্মৃতিয়েই নহয়, বৈভৱো হৈছিল পলাশৰ প্ৰৱঞ্চনাৰ চিকাৰ! আৰক্ষীয়ে চলাইছে তদন্ত
পলাশৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ!Image Credit source: Instagram
Monjit Dutta
Monjit Dutta | Updated On: 24 Jan 2026 13:30 PM

ভাৰতীয় ক্ৰিকেট তাৰকা স্মৃতি মান্ধনাৰ সৈতে ইতিমধ্যে বিচ্ছেদ ঘটিছে পলাশ মুচ্ছলৰ। ইয়াৰ পিছতে চ’ছিয়েল মিডিয়াত দাবী, স্মৃতিক প্ৰতাৰণা কৰিছিল পলাশে আৰু সেই বিষয়ে জনাৰ পিছতে বিয়াৰ আগদিনা নিশা সম্পৰ্ক ছিন্ন কৰিছিল স্মৃতিয়ে। এই বিতৰ্ক এতিয়াও মাৰ যোৱা নাই। তাৰ মাজতেই এতিয়া আন এক নতুন বিতৰ্কই গা কৰি উঠিছে। স্মৃতি মান্ধানাক প্ৰতাৰণা কৰাৰ অভিযোগৰ পাছত এইবাৰ পলাশৰ বিৰুদ্ধে উঠিছে ৪০ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ গুৰুতৰ অভিযোগ।

কি এই অভিযোগ

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ চাংলী জিলাত পলাশ মুচ্ছলৰ বিৰুদ্ধে এক প্ৰতাৰণাৰ গোচৰ ৰুজু কৰা হৈছে। বৈভৱ মানে নামৰ এজন ব্যক্তিয়ে এই অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, বৈভৱ স্মৃতি মান্ধানাৰ সৰু কালৰ বন্ধু আৰু স্মৃতিৰ পিতৃৰ জৰিয়তে তেওঁ পলাশৰ সৈতে চিনাকি হৈছিল। বৈভৱ পেছাত এজন চিনেমাৰ প্ৰযোজক।

কেনেকৈ ঘটিল এই প্ৰতাৰণা?

অভিযোগ অনুসৰি, পলাশৰ সৈতে চিনাকি হোৱাৰ পাছত তেওঁলোকে একেলগে এখন চিনেমা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। সেই মৰ্মে পলাশে চিনেমা নিৰ্মাণৰ বাবে বৈভৱৰ পৰা ৪০ লাখ টকা লৈছিল। আনকি ‘নাজাৰিয়া’ নামৰ চিনেমাখনৰ পষ্টাৰো মুকলি কৰা হৈছিল।

কিন্তু চিনেমাখনৰ নিৰ্মাণ কাৰ্য কেতিয়াও সম্পূৰ্ণ নহ’ল আৰু কোনো OTT প্লেটফৰ্মতো মুক্তি নাপালে। পিছত বৈভৱে পলাশৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও পলাশে তেওঁৰ ফোন নম্বৰ ব্লক কৰি দিয়া বুলি অভিযোগ কৰিছে বৈভৱ মানেই।

আৰক্ষীৰ কাষত বৈভৱ

কেইবা মাহজোৰা পাছত অপেক্ষা কৰিও টকা ঘূৰাই নাপাই অৱশেষত বৈভৱ আৰক্ষীৰ কাষ চাপে। তেওঁ আৰক্ষী অধীক্ষকৰ ওচৰত অনলাইন আৰু অফলাইন মাধ্যমেৰে পলাশক দিয়া বিপুল পৰিমাণৰ ধনৰ সকলো প্ৰমাণ দাখিল কৰিছে। এই অভিযোগৰ ভিত্তিত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।