অপাৰেশ্যন সেন্দূৰৰ পাছতে LoC ত পাকিস্তানৰ গুলীচালনা, ৭ জন ভাৰতীয়ই হেৰুৱালে প্ৰাণ, সেনাই দিলে উচিত প্ৰত্যুত্তৰ
পহলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলালে অপাৰেশ্যন সেন্দূৰ (Operation Sindoor)। ইয়াৰ পিছত সাধাৰণ ভাৰতীয়ক লক্ষ্য কৰি লৈছে পাকিস্তানে । চুবুৰীয়া দেশৰ পৰা এল অ’ চিৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা, য’ত মৃত্যু হৈছে ৭ জন লোকৰ । ইয়াৰ পাছতে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জম্মু, সাম্বা, কঠুৱা, ৰাজৌৰী আৰু পুঞ্চৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠান গোটেই দিনটোৰ বাবে বন্ধ কৰি দিয়া হৈছে।

ভাৰতে পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দি অপাৰেশ্যন সেন্দূৰৰ অধীনত দেশৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণৰ পিছত নিজৰ কুৎসিত কাৰ্যকলাপ অব্যাহত ৰাখি সাধাৰণ ভাৰতীয়ক লক্ষ্য কৰি লৈছে পাকিস্তানে। ভাৰতীয়ক লক্ষ্য কৰি নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কৰিছে গুলীচালনা। এল অ’ চিৰ সমীপৰ গাঁৱত আৰ্টিলাৰী আৰু মৰ্টাৰেৰে কৰা গুলীচালনাত এগৰাকী মহিলা আৰু দুটা শিশুকে ধৰি ৭ জন লোক নিহত হোৱাৰ লগতে ৩৮ জন লোক আহত হয়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পুঞ্চ জিলাত এই ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ জন লোক আহত হৈছে। বিষয়াসকলে জনোৱা মতে, বাৰামুল্লা জিলাৰ উৰি ছেক্টৰত ১০ জন লোক আহত হোৱাৰ লগতে ৰাজৌৰী জিলাৰ আন তিনিজন লোক আহত হৈছে।
ইফালে ভাৰতীয় সেনাই দিছে ইয়াৰ উপযুক্ত উত্তৰ। ভাৰতৰ প্রতিশোধমূলক কার্যত পাকিস্তানী সেনায়ো লোকচানৰ সন্মুখীন হৈছে৷ সংমণ্ডল আয়ুক্ত জম্মুই অৱগত কৰা অনুসৰি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জম্মু, চাম্বা, কথুৱা, ৰাজৌৰী আৰু পুঞ্চৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠান আজি বন্ধ থাকিব।
পাকিস্তানৰ কুৎসিত কাৰ্য
পাকিস্তানে নিজৰ কুৎসিত কাৰ্যকলাপ বন্ধ কৰাৰ কোনো লক্ষণ দেখুওৱা নাই। এফালে ভাৰতে পাকিস্তানক পাঠ শিকাবলৈ চেষ্টা কৰিছে, একে সময়তে ৰেটল হৈ পুনৰ এল অ’ চিত গুলীচালনা কৰিলে পাকিস্তানে। ২০২৫ চনৰ ০৬-০৭ মে’ৰ নিশা পাকিস্তান সেনাই জম্মু-কাশ্মীৰৰ সন্মুখত থকা এল অ’ চি আৰু আই বিৰ ওপৰেৰে থকা পোষ্টৰ পৰা আৰ্টিলাৰী গোলাবৰ্ষণকে ধৰি স্বেচ্ছাচাৰী গুলীচালনা কৰে। নিৰ্বিচাৰ গুলীচালনাত তিনিজন নিৰীহ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱালে। পাকিস্তানৰ এই গুলীচালনাৰ উপযুক্ত উত্তৰ দিলে ভাৰতীয় সেনাই। কিন্তু ইয়াৰ পূৰ্বেও পহলগাম আক্ৰমণৰ পিছত পাকিস্তানে অহৰহ যুদ্ধবিৰতি উলংঘা কৰি আহিছে, যাৰ উপযুক্ত উত্তৰ ভাৰতে দি আহিছে।
পাকিস্তানে পুনৰবাৰ যুদ্ধবিৰতি উলংঘা কৰি কুপৱাৰা জিলাৰ পুঞ্চ-ৰাজৌৰী ছেক্টৰৰ ভীম্বাৰ ষ্ট্ৰীট আৰু কৰ্ণাহ অঞ্চলত গুলীচালনা কৰে। এই আক্ৰমণৰ পিছত মানুহ আতংকিত হৈ পৰে আৰু নিজকে ৰক্ষা কৰিবলৈ তেওঁলোকে মাটিৰ তলৰ বাংকাৰত লুকায়।
পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ভাৰতে। ইয়াৰ লগতে ভাৰতে চুবুৰীয়া দেশৰ কার্যৰ প্রতিক্রিয়া প্রদান কৰিব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা ল’ব বুলিও অহৰহ শুনা গৈছিল। ইয়াৰ বাবে ২২ এপ্ৰিলত পহলগামত সংঘটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৬-৭ মে’ৰ নিশা প্ৰায় ১:৩০ বজাত পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰে। এই আক্ৰমণত ৯টা পাকিস্তানী স্থানক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ পিছত ভাৰতৰ আক্ৰমণৰ কিছু সময়ৰ পাছতে পাকিস্তানে পুনৰবাৰ নিৰীহ ভাৰতীয়ক লক্ষ্য কৰি লৈছিল।
অৱশ্যে অভিযানৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে। এই বিবৃতিত কোৱা হৈছিল যে, ভাৰতে চুবুৰীয়া দেশখনক সঠিক আৰু সংযত উত্তৰ দিছে। কোৱা হৈছে , কোনো পাকিস্তানী সামৰিক সুবিধাক লক্ষ্য কৰি লোৱা হোৱা নাছিল। ভাৰতে লক্ষ্য নিৰ্ধাাৰিত আৰু এই সময়ত যথেষ্ট সংযম দেখুৱাইছিল যদিও ইয়াৰ পিছতো পাকিস্তানে এল অ’ চিৰ ওপৰেৰে গুলীচালনাৰ আশ্ৰয় লৈছিল, যাৰ ফলত পুনৰবাৰ নিৰীহ ভাৰতীয়ৰ মৃত্যু হয়।
লগতে পঢ়ক: অপাৰেশ্যন সেন্দূৰ: পাকিস্তানৰ সন্মুখত আন এক বিপদ! ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত সংগ এৰিব চীনে…