অপাৰেশ্যন সেন্দূৰ: পাকিস্তানৰ সন্মুখত আন এক বিপদ! ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত সংগ এৰিব চীনে…
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত পাকিস্তানক সংযম কৰিবলৈ পৰামৰ্শ দিছে চীনে । পূৰ্বে পাকিস্তানক সমৰ্থন কৰা চীন এতিয়া যুদ্ধৰ পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে। ভাৰত আৰু পাকিস্তানক শান্তিপূৰ্ণ সমাধানৰ বাবে আবেদন জনাইছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে । চীনে কয়, যুদ্ধ সমাধান নহয়।

জৈছ আৰু লস্কৰৰ ৯টা স্থানত ভাৰতে চলোৱা ষ্ট্ৰাইকৰ পাছত পাকিস্তানৰ সংগ এৰিবলৈ সাজু হৈছে চীন। নিৰন্তৰভাৱে পাকিস্তানক সহায় কৰাৰ কথা কোৱা চীনে পাকিস্তানক সংযম কৰিবলৈ পৰামৰ্শ দিছে। চীনৰ মতে, পাকিস্তানে এনে কোনো কাম কৰিব নালাগে যাৰ ফলত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয়, “ভাৰত আৰু পাকিস্তান চুবুৰীয়া দেশ। ভৱিষ্যতেও দুয়োখন দেশ চুবুৰীয়া হৈ থাকিব। এনে পৰিস্থিতিত দুয়োজনে শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰিব লাগে। শান্তিৰ পক্ষত কাম কৰিব লাগে।”
৩ দিন পূৰ্বে সমৰ্থন আগবঢ়াছিল চীনে
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে তিনিদিন পূৰ্বে ইছলামবাদত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে। এই বৈঠকত চীনৰ ৰাষ্ট্ৰদূতে পাকিস্তানৰ সৈতে বিনাচৰ্তে থিয় দিয়াৰ কথা কৈছিল। চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে পাকিস্তানে এই পৰ্যন্ত গ্ৰহণ কৰা পদক্ষেপসমূহ শুদ্ধ। তাৰ পাছত চীনৰ পৰা অহা এই সমৰ্থনৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছিল। অৱশ্যে এয়াৰ ষ্ট্ৰাইকৰ পিছত চীনে যি স্থিতি গ্ৰহণ কৰিছে, সেয়া পাকিস্তানৰ বাবে এক ডাঙৰ আঘাত হ’ব পাৰে।
ষ্ট্ৰাইকৰ পিছত কি ক’লে চীনে?
চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয়, “সাম্প্ৰতিক পৰিস্থিতিক লৈ আমি চিন্তিত। ভাৰত আৰু পাকিস্তান চীনৰ চুবুৰীয়া দেশ। চীনে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে।” চীনে আৰু কয়, “আমি দুয়োপক্ষক শান্তি আৰু স্থিতিশীলতাৰ বহল স্বাৰ্থত কাম কৰিবলৈ, শান্তি বজাই ৰাখিবলৈ, সংযম বজাই ৰাখিবলৈ আৰু পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব পৰা ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছো।”
৯ টা স্থানত ভাৰতৰ এয়াৰ ষ্ট্ৰাইক
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছত ৭মে’ৰ মাজনিশা ভাৰতে চলাই অপাৰেশ্যন সেন্দূৰ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তান আৰু POK ৰ ৯টা স্থানত অভিযান চলায় ভাৰতে। এই সকলোবোৰ ঠাই সন্ত্ৰাসবাদীৰ দুৰ্গ বুলি গণ্য কৰা হৈছে। ভাৰতে আক্রমণ কৰা ৯টা স্থানৰ ভিতৰত আছে জৈছৰ ৪টা, লস্কৰৰ ৩টা আৰু হিজবুলৰ ২টা স্থান৷