শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিমান সতৰ্কতাৰে চলোৱা হৈছিল অপাৰেচন সেন্দূৰ ? ভাৰতীয় সেনা বাহিনীক অভিবাদন প্ৰতিৰক্ষা মন্ত্ৰীৰ

অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয়, আমি কেৱল আমাৰ নিৰীহ নাগৰিকক হত্যা কৰাসকলকহে হত্যা কৰিলোঁ।

কিমান সতৰ্কতাৰে চলোৱা হৈছিল অপাৰেচন সেন্দূৰ ? ভাৰতীয় সেনা বাহিনীক অভিবাদন প্ৰতিৰক্ষা মন্ত্ৰীৰ
প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং
manas-borah
Manas Borah | Published: 07 May 2025 18:18 PM

ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয়, “আমি কেৱল আমাৰ নিৰীহ নাগৰিকক হত্যা কৰাসকলকহে হত্যা কৰিলোঁ। ভাৰতে নিজৰ মাটিত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইট টু ৰেচপন্স ব্যৱহাৰ কৰিছে। এই আক্ৰমণ কেৱল সন্ত্ৰাসবাদীৰ শিবিৰ আৰু তেওঁলোকৰ মৌলিক সা-সুবিধাত সীমাবদ্ধ কৰি ৰখা হৈছে।” ৬খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০টা বি আৰ অ’ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন অনুষ্ঠানত ভাষণ দি এই মন্তব্য প্ৰকাশ কৰে ৰাজনাথ সিঙে।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত ভাৰতীয় সেনাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিছে। যোৱা নিশা ভাৰতীয় বাহিনীয়ে নিজৰ আচৰিত বীৰত্ব প্ৰদৰ্শন কৰি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে বুলিও কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। “ভাৰতীয় সেনাই সতৰ্কতা আৰু সংবেদনশীলতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। লক্ষ্য নিৰ্ধাৰণ কৰা হ’ল। নিৰ্ধাৰিত সীমা অনুসৰি সন্ত্ৰাসবাদীৰ ঘাটি ভাঙি পেলোৱা হৈছে আৰু কোনো অসামৰিক স্থান যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেনাইও সংবেদনশীলতা প্ৰদৰ্শন কৰিছে।” এইদৰে কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, “এক প্ৰকাৰে আমি ক’ব পাৰো যে এক প্ৰকাৰৰৰ মানৱীয়তা আমাৰ সেনা জোৱানসকলে দেখুৱাইছে। সেয়ে সেনা জোৱান আৰু বিষয়াসকলক ধন্যবাদ জনাইছো। লগতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো।” ইয়াৰ লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অপাৰেচন সিন্দূৰ আৰম্ভ কৰা হৈছিল আৰু আগৰ দৰে সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰি উপযুক্ত উত্তৰ দিয়া হৈছিল।

উল্লেখ্য় যে, বুধবাৰে পুৱা ভাৰতীয় সেনাই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰে । ইয়াৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ চলায় আৰু শিবিৰ কেইটা ভাঙি পেলায় ।