সীমান্তৱৰ্তী ৰাজ্যসমূহত হাই এলাৰ্ট জাৰি, তাৎক্ষণিকভাৱে অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ ছুটী বাতিলৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ, কামলৈ উভতিব লাগিব ছুটীত থকা জোৱানসকলো…
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰ্ধসামৰিক বাহিনীৰ সকলো ডিজিপিৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ ছুটী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিবলৈ নিৰ্দেশ দিছে। লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক তৎক্ষণাত কামলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে।

অপাৰেচন সেন্দূৰ আৰম্ভ হোৱাৰ পাছত ভাৰতীয় সেনাৰ মনোবল অধিক শক্তিশালী হৈ পৰিছে । ভাৰতীয় সেনাই কয় যে, অপাৰেচন সেন্দূৰ এতিয়াও চলি আছে। ইয়াৰ অৰ্থ স্পষ্ট যে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰু অধিক ব্যৱস্থা ল’ব পাৰে! ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰ্ধসামৰিক বাহিনীৰ সকলো ডিজিপিৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ ছুটী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিবলৈ নিৰ্দেশ দিছে। লগতে অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক তৎক্ষণাত কামলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে।
আনহাতে, প্ৰাক্তন সেনা প্ৰধান মনোজ মুকুন্দ নৰৱনেৰ পৰাও এটা ডাঙৰ বক্তব্য আহিছে। তেওঁ কৈছে যে, এতিয়া বহু কাম বাকী আছে । অপাৰেচন সিন্দূৰৰ অধীনত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। পাকিস্তানৰ ভিতৰত আৰু অধিক আক্ৰমণ হ’ব পাৰে। অপাৰেচন সেন্দূৰৰ পিছত সীমান্তৱৰ্তী ৰাজ্যসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে।
গৃহমন্ত্ৰীৰ বৃহৎ বৈঠকত সীমান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী, সীমান্ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য সচিব আদিও উপস্থিত থাকে। পাকিস্তানৰ উপৰিও নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। ৯ খন ৰাজ্যৰ শীৰ্ষ বিষয়াৰ জৰুৰী বৈঠক।
উল্লেখ্য় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পাকিস্তান আৰু নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, ডিজিপি, আৰু মুখ্য সচিবসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে।
অপাৰেচন সেন্দূৰৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ডাঙৰ সিদ্ধান্ত লয় । তিনিটা বিদেশ ভ্ৰমণ পিছুৱাই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱে, ক্ৰ’ৱেচিয়া আৰু নেদাৰলেণ্ড ভ্ৰমণ কৰাৰ কথা আছিল ।
ভাৰতে ৭ মে’ৰ মাজনিশা পাকিস্তানত প্ৰৱেশ কৰি অপাৰেচন সেন্দূৰ চলায় । ভাৰতীয় সেনাই একেলগে অপাৰেচন সেন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ চলায়। ভাৰতে ২৫ মিনিটত ১০০ টাতকৈ অধিক পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰে। মাজ নিশা ১.০৫ বজাৰ পৰা ১.৩০ বজালৈ ভাৰতীয় সেনাই এই অভিযান চলায়। এই সময়ছোৱাত ভাৰতীয় সেনাই মুজাফ্ফৰাবাদ, ছিয়ালকোট, কোটলি, মুৰিদকে, বাহাৱালপুৰ আৰু ভিবাৰ আক্ৰমণ কৰে। ভাৰতীয় সেনাই এই আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে।