শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰেক্টৰত অনা হৈছে দ’মে দ’মে সন্ত্ৰাসবাদীৰ মৃতদেহ, অন্তিম বিদায় জনাই চকুলো টুকিলে পাকিস্তানী সেনাই

Operation Sindoor: ভাৰতীয় সেনাৰ অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানত ৯টা সন্ত্ৰাসবাদী আত্মগোপন ঘাটি ধ্বংস কৰে। য'ত ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হয়। সন্ত্ৰাসবাদী সমৰ্থক পাকিস্তানৰ সেনাই সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈছিল, ইয়াৰ পৰা বুজা যায় যে পাকিস্তানৰ প্ৰকৃত চৰিত্ৰ কেনেকুৱা?

ট্ৰেক্টৰত অনা হৈছে দ’মে দ’মে সন্ত্ৰাসবাদীৰ মৃতদেহ, অন্তিম বিদায় জনাই চকুলো টুকিলে পাকিস্তানী সেনাই
সন্ত্ৰাসবাদীক অন্তিম বিদায় জনায় চকুলো টুকিলে পাকিস্তানী সেনাই
trishna-kalita
Trishna Kalita | Updated On: 07 May 2025 18:07 PM

ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানত ৯টা সন্ত্ৰাসবাদী আত্মগোপন ঘাটি ধ্বংস কৰে। ভাৰতে ২৫ মিনিটত ২১ স্থানত আক্ৰমণ কৰে। ইয়াৰ ফলত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। কিন্তু পাকিস্তান এনেকুৱা যে সন্ত্ৰাসবাদৰ প্ৰতি থকা প্ৰেমৰ বাবে যিকোনো স্তৰলৈ নামিব পাৰে। যাৰ বাবে এইটো নিশ্চিত যে, তেওঁলোকে এনে ঘৃণনীয় কামবোৰ বন্ধ নকৰে। ইয়াৰ শেহতীয়া ছবিখন অপাৰেশ্যন সেন্দূৰৰ পিছত পোহৰলৈ আহিছে। এই অভিযানত নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল পাকিস্তানী সেনাই। সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত নিৰ্লজ্জ পাকিস্তানী সেনাই টুকিলে চকুলো।

লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় মুৰিদকেত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰে পাকিস্তানী সেনাই। এই অন্ত্যেষ্টিক্ৰিয়াত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আব্দুল ৰৌফো উপস্থিত আছিল। এই সময়ছোৱাত পাকিস্তানী সেনাৰ বিষয়াসকলে সন্ত্ৰাসবাদীৰ মৃত্যুৰ শোকত নতশিৰ কৰা দেখা গৈছিল। সন্ত্ৰাসবাদীৰ বাবে পাকিস্তানী সেনাৰ এই বেদনাই তেওঁলোকৰ প্ৰকৃত পৰিচয় দেখুৱাইছে।

অপাৰেশ্যন সেন্দূৰক লৈ কি ক’লে ভাৰতে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ সৈতে অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত বিক্ৰম মিশ্ৰীয়ে কয়, “জম্মু-কাশ্মীৰৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পৰিস্থিতিত ব্যঘাত জন্মোৱাৰ লক্ষ্যৰে পহলগামত এই আক্ৰমণ সংঘটিত কৰা হৈছিল। পহলগামত নির্মম আক্রমণ সংঘটিত হৈছিল, য’ত ভুক্তভোগীক ওচৰৰ পৰা আৰু পৰিয়ালৰ সন্মুখত মূৰত গুলীচালনা কৰা হয়৷”

কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে জনোৱা মতে, অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছে। প্ৰামাণিক চোৰাংচোৱা আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সৈতে সন্ত্ৰাসবাদী জড়িত হোৱাৰ ভিত্তিত এই সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ নিৰ্বাচন কৰা হৈছিল। এই সময়ছোৱাত পাকিস্তানৰ কোনো সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাছিল। উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয়, পাকিস্তানৰ যিকোনো সাহসৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত সাজু।

 

লগতে পঢ়ক: সিন্ধুৰ পৰা সেন্দূৰলৈ…. ভাৰতে গ্ৰহণ কৰা এই ১৫ টা পদক্ষেপে বিধ্বস্ত কৰি তুলিছে পাকিস্তানীৰ জীৱন!