শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেন্দূৰৰ প্ৰত্যুত্তৰ সুহাগৰাত! ভাৰতৰ আক্ৰমণত কঁকাল ভগা পাকিস্তানৰ মিথ্যাচাৰ

সামাজিক মাধ্যমত এটা বিষয় চৰ্চা হৈছিল যে পাকিস্তানে ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ প্ৰত্যুত্তৰত অপাৰেশ্যন সুহাগৰাত চলাব । অৱশ্যে এই তথ্যৰ কোনো ভিত্তি নাই । পাকিস্তানে দাবী কৰা মতে, ভাৰতৰ ৰাফেল আৰু মিগ বিমান ধ্বংস কৰিছে পাকিস্তান সেনাই । কিন্তু এই খবৰ সন্দৰ্ভত ভাৰতে কোনো বিবৃতি প্ৰকাশ কৰা নাই । ধাৰণা কৰা হৈছে যে মুখলজ্জা ঢাকিবলৈ মিছাৰ আশ্ৰয় লৈছে পাকিস্তানে ।

সেন্দূৰৰ প্ৰত্যুত্তৰ সুহাগৰাত! ভাৰতৰ আক্ৰমণত কঁকাল ভগা পাকিস্তানৰ মিথ্যাচাৰ
প্ৰতীকী ছবিImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Published: 07 May 2025 18:01 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে । এনে এক প্ৰত্যুত্তৰ, যাক পাকিস্তানে চিৰদিন মনত ৰাখিব । মনত ৰাখিব সন্ত্ৰাসবাদী নেতা মাছুদ আজাহাৰেও । ভাৰতীয় মহিলাৰ কপাল উকা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা এই আক্ৰমণৰ নাম দিয়া হ’ল অপাৰেশ্যন সেন্দূৰ ।

পাকিস্তানৰ ভিতৰত সোমাই ভাৰতীয় বায়ুসেনাৰ বিমানে ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ ঘাটি । ৯ টা স্থানত চলে এই আক্ৰমণ । প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ সম্পূৰ্ণ পৰিয়াল নিঃশেষ হৈছে এই আক্ৰমণত । মাত্ৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে মাছুদৰ । মাত্ৰ ২৫ মিনিটৰ ভিতৰত পাকিস্তানত ধ্বংস কৰা হয় সন্ত্ৰাসবাদীৰ ঘাটি ।

ইয়াৰ পাছতেই পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি সীমান্তত গুলীচালনা কৰে । এই গুলীচালনাত নিহত হয় ১০ গৰাকী সাধাৰণ নাগৰিক । ইয়াৰ মাজত এগৰাকী নাবালিকা আৰু এজন নাবালক আছে । ভাৰতীয় সেনাই পাকিস্তানক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ।

ইফালে সামাজিক মাধ্যমত এটা বিষয় চৰ্চা হৈছিল যে পাকিস্তানে ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ প্ৰত্যুত্তৰত অপাৰেশ্যন সুহাগৰাত চলাব । অৱশ্যে এই তথ্যৰ কোনো ভিত্তি নাই । পাকিস্তানে দাবী কৰা মতে, ভাৰতৰ ৰাফেল আৰু মিগ বিমান ধ্বংস কৰিছে পাকিস্তান সেনাই । কিন্তু এই খবৰ সন্দৰ্ভত ভাৰতে কোনো বিবৃতি প্ৰকাশ কৰা নাই । ধাৰণা কৰা হৈছে যে মুখলজ্জা ঢাকিবলৈ মিছাৰ আশ্ৰয় লৈছে পাকিস্তানে ।