শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
barasha-misra
Barasha Misra | Updated On: 08 May 2025 09:44 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • পুঞ্চত ভাৰতীয় সেনাৰ এজন জোৱান ছহিদ হয়। বুধবাৰে নিশা মৃত্যু হয় ভাৰতীয় সেনাৰ ৫ ফিল্ড ৰেজিমেণ্টৰ জোৱানজনৰ। অপাৰেচন সেন্দূৰৰ পাছত LoCত অপ্ৰৰোচিত গোলাবৰ্ষণ পাকিস্তানৰ।
  • বৃহস্পতিবাৰে লাহোৰত ইটোৰ পিছত সিটোকৈ কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ লাহোৰ, প্ৰত্যক্ষদৰ্শীৰ মতে-এয়া মিছাইল আক্ৰমণ
  • ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অপাৰেচন সেন্দূৰে পাকিস্তানৰ বিপুল ক্ষতিসাধন কৰে। ইয়াৰ মাজতে পাকিস্তানী সেনাৰ ১২ জন জোৱান নিহত, বেলুচ আৰ্মীয়ে IED বিস্ফোৰণেৰে উৰুৱাই দিয়ে বাহন।
  • চেন্নাই ছুপাৰ কিংছক ৫ বাৰ চেম্পিয়ন কৰা কিংবদন্তি অধিনায়ক এম এছ ধোনীৰ বাবে যোৱা ২-৩ ছিজনত অৱসৰৰ কথা উত্থাপন হৈ আছে। এইবাৰ আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পৰাই আকৌ অৱসৰৰ কথা চৰ্চা হৈছে। ধোনীয়ে কয়, “যেতিয়া এই আই পি এল শেষ হ’ব মই ৬-৮ মাহলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
  • সেন্দূৰৰ প্ৰতিশোধ এনেকৈয়ে যদিও কাহিনী এতিয়াও অসম্পূৰ্ণ! পাকিস্তানৰ এটা ভুলেই হ’ব নিজৰ ধ্বংসৰ কাৰণ
  • হোৱাইট জাৰ্ছিত দেখা নাপাব হিটমেনক ! ২৮০ নম্বৰৰ টেষ্ট কেপৰ ফটো শ্বেয়াৰ কৰি অৱসৰ ঘোষণা ৰোহিত শৰ্মাৰ। ইনষ্টাগ্ৰামত ৰোহিতে এটা ষ্ট’ৰী পোষ্ট শ্বেয়াৰ কৰে ।
  • সীমান্তৱৰ্তী ৰাজ্যসমূহত হাই এলাৰ্ট জাৰি, তাৎক্ষণিকভাৱে অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ ছুটী বাতিলৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ, কামলৈ উভতিব লাগিব ছুটীত থকা জোৱানসকলো…
  • অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তান আৰু POKত থকা সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় বায়ুসেনাৰ নিৰ্ধাৰিত আক্ৰমণৰ পিছত পাকিস্তানত আতংকৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে দেশবাসীক সম্বোধন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয়, “ভাৰতে কেৱল আমাক আক্ৰমণ কৰাই নহয়, আমাক ঠাট্টাও কৰিছে।”
  • ভাৰতৰ আক্ৰমণৰ পিছত পাকিস্তানত আলোড়নৰ সৃষ্টি হৈছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে উপযুক্ত উত্তৰ দিছে। কিন্তু ইয়াকে লৈ পাকিস্তানী তাৰকাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। মাহিৰা খান আৰু ফাৱাদ খানে ভাৰতৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।