কাশ্মীৰৰ পহলগাম আক্ৰমণ সন্দৰ্ভত পোহৰলৈ চাঞ্চল্যকৰ তথ্যঃ চলিত মাহৰ আৰম্ভণিতে চলোৱা হৈছিল এনে কাৰ্য…
কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে আজি জোকাৰি তুলিলে সমগ্ৰ দেশ। এই ভয়ংকৰ আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। পহলগামৰ এই নৃশংস ঘটনাই সৃষ্টি কৰা আতংক তথা শোকাৱহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য।

কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে আজি জোকাৰি তুলিলে সমগ্ৰ দেশ। এই ভয়ংকৰ আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। দেশজুৰি এই নৃশংস হত্যালীলাক ধিক্কাৰ তথা গৰিহণাৰে উপচাই পেলোৱা হৈছে। পহলগামৰ এই নৃশংস ঘটনাই সৃষ্টি কৰা আতংক তথা শোকাৱহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। নিৰাপত্তা সংস্থাসমূহে এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা সন্দৰ্ভত বৃহৎ তথ্য পোহৰলৈ আনিছে।
এই তথ্য অনুসৰি, চলিত মাহৰ প্ৰথম সপ্তাহত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহে কাশ্মীৰৰ কিছুমান পৰ্যটনস্থলী বিশেষকৈ হোটেল ভ্ৰমণ কৰিছিল। কাশ্মীৰৰ এই নিৰ্দিষ্ট পৰ্যটন স্থানসমূহৰ ভিতৰত পহলগামৰ কিছুমান হোটেলকো অন্তৰ্ভুক্ত কৰা হৈছিল। এই সমগ্ৰ পৰিকল্পনাত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবা আঁৰত থকাৰ সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তা সংস্থাসমূহে।
কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ মতে, যোৱা ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিলৰ ভিতৰত সন্ত্ৰাসবাদী সংগঠনসমূহে কূটাঘাতৰ পৰিকল্পনা মৰ্মে এই ভ্ৰমণ কৰিছিল আৰু আজি তিনিজনতকৈ অধিক সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে বুলি সন্দেহ কৰা হৈছে। এই আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। নিহত লোকসকলৰ ভিতৰত দুজন বিদেশী পৰ্যটকো আছে বুলি জানিব পৰা গৈছে।
এই পৰ্যটক দুগৰাকীৰে এগৰাকী ইজৰাইলৰ আৰু আনজন ইটালীৰ বুলি প্ৰকাশ পাইছে। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। এই আক্ৰমণৰ পিছত পৰ্যটকক সহায়ৰ বাবে জৰুৰীকালীন হেল্প ডেস্ক মুকলি কৰা হৈছে। আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ ৯৫৯৬৭৭৭৬৬৯, ০১৯৩২২২৫৮৭০ (৯৪১৯০৫১৯৪০ হোৱাটছএপ) নম্বৰ জাৰি কৰা হৈছে।
ইফালে আক্ৰমণৰ তদন্তৰ বাবে কাইলৈ পহলগামত NIAৰ দল উপস্থিত হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। তদুপৰি দেশৰ সেনা-প্ৰধানো কাইলৈ জম্মু-কাশ্মীৰতো উপস্থিত হ’ব পাৰে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জম্মু-কাশ্মীৰত উপস্থিত হৈছে। কাইলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই পহলগাম ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব।
আনহাতে এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণ চাঞ্চল্যকৰ আৰু বেদনাদায়ক বুলি উল্লেখ কৰি কৰি তেওঁ এনে এক নিষ্ঠুৰ আৰু অমানৱীয় কাৰ্যক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়া উচিত বুলি মন্তব্য কৰে। নিৰীহ সাধাৰণ নাগৰিক, পৰ্যটকক আক্ৰমণ কৰাটো অত্যন্ত ভয়ংকৰ আৰু ক্ষমাৰ অযোগ্য বুলি উল্লেখ কৰি তেওঁ লগতে নিহতৰ পৰিয়াললৈ সমবেদনা জনায়।