শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সীমান্তত মুখথেকেচা পাকিস্তানৰ! ৮০১ খন ড্ৰোনৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, ধ্বংস ২৩৭ খন ড্ৰোন

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ লগতে ৰামগড়, ৰাজৌৰী, নৌচেৰা আৰু পুঞ্চ ছেক্টৰতো ধাৰাবাহিকভাৱে ড্ৰোন প্ৰত্যক্ষ কৰা হৈছে। যোৱা ১০ দিনত ড্ৰোন দেখা পোৱাৰ এয়া পঞ্চমটো ঘটনা। প্ৰতিটো ঘটনাৰ পিছতে ভাৰতীয় সেনাই এণ্টি-ড্ৰোন চিষ্টেম সক্ৰিয় কৰি পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে।

সীমান্তত মুখথেকেচা পাকিস্তানৰ! ৮০১ খন ড্ৰোনৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, ধ্বংস ২৩৭ খন ড্ৰোন
সীমান্তত ব্যৰ্থ পাকিস্তানৰ চেষ্টা
Monjit Dutta
Monjit Dutta | Published: 24 Jan 2026 07:14 AM

বাৰে বাৰে চূড়ান্ত ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ পিছতো ভাৰতৰ বিৰুদ্ধে নিৰন্তৰ ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে পাকিস্তান। দেশখনৰ এনে ষড়যন্ত্ৰৰ যথোচিত প্ৰত্যুত্তৰ দি আহিছে ভাৰতে। কিন্তু তাৰ পিছতো শিক্ষা হোৱা নাই চুবুৰীয়া দেশখনৰ। এতিয়া গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতীয় সেনাই প্ৰকাশ কৰিছে পাকিস্তানৰ ষড়যন্ত্ৰৰ ব্যৰ্থ চেষ্টাৰ কিছু তথ্য। অপাৰেচন সেন্দূৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হোৱাৰ পিছতো পাকিস্তানে পশ্চিম সীমান্তত ড্ৰোনৰ গতিবিধি ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে।

ভাৰতীয় সেনাই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত পাকিস্তানৰ ফালৰ পৰা সীমান্তত মুঠ ৭৯১ খন ড্ৰোন অনুপ্ৰৱেশৰ ঘটনা পোহৰলৈ আহিছে, আনহাতে মুঠ ৮০১ বাৰ অনুপ্ৰৱেশৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ ভিতৰত ২৩৭ খন ড্ৰোন গুলীয়াই ধ্বংস কৰিছে ভাৰতীয় সেনাই।

সীমান্তত ড্ৰোন সন্ত্ৰাসৰ পৰিসংখ্যা

সেনাবাহিনীয়ে জানিবলৈ দিয়া মতে, জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত (IB) ৯ খন আৰু পঞ্জাৱ তথা ৰাজস্থানৰ সীমান্তত ৭৮২ খন ড্ৰোনৰ অনুপ্ৰৱেশ ধৰা পৰিছে। পশ্চিম সীমান্তত ‘স্পুফাৰ’ আৰু ‘জামাৰ’ৰ দৰে অত্যাধুনিক এণ্টি-ড্ৰোন ব্যৱস্থাৰ কাৰ্যকৰী ব্যৱহাৰৰ ফলত এই ভাবুকি বহু পৰিমাণে ৰোধ কৰিব পৰা গৈছে। উদ্ধাৰ কৰা ২৩৭ খন ড্ৰোনৰ ভিতৰত ৫ খনত মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ, ৭২ খনত নিচাজাতীয় দ্ৰব্য পোৱা গৈছে আৰু ১৬১ খন ড্ৰোন খালী আছিল।

সেনাপ্ৰধানৰ গুৰুত্বপূৰ্ণ তথ্য

যোৱা ১৩ জানুৱাৰীত এক সংবাদমেলত সেনাপ্ৰধানে সদৰী কৰে যে কেৱল জানুৱাৰী মাহতে পাকিস্তানে ১০ ৰ পৰা ১২ খন ড্ৰোন ভাৰতীয় সীমালৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত DGMO পৰ্যায়ৰ আলোচনাত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সুৰক্ষা সংস্থাৰ সন্দেহ যে পাকিস্তানে ড্ৰোনৰ জৰিয়তে সন্ত্ৰাসবাদীৰ বাবে অস্ত্ৰ আৰু ড্ৰাগছ পঠিওৱাৰ লগতে ভাৰতীয় সেনাৰ মোতায়েনৰ তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।

এল অ’ চিত বৃদ্ধি পাইছে নিৰীক্ষণ

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ লগতে ৰামগড়, ৰাজৌৰী, নৌচেৰা আৰু পুঞ্চ ছেক্টৰতো ধাৰাবাহিকভাৱে ড্ৰোন প্ৰত্যক্ষ কৰা হৈছে। যোৱা ১০ দিনত ড্ৰোন দেখা পোৱাৰ এয়া পঞ্চমটো ঘটনা। প্ৰতিটো ঘটনাৰ পিছতে ভাৰতীয় সেনাই এণ্টি-ড্ৰোন চিষ্টেম সক্ৰিয় কৰি পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে।

গণৰাজ্য দিৱসৰ পূৰ্বে হাই এলাৰ্ট

আগন্তুক ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবলৈ সুৰক্ষা বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সেনাৰ মতে, যিকোনো ধৰণৰ ড্ৰোন আক্ৰমণ বা অনুপ্ৰৱেশৰ বিৰুদ্ধে ভাৰতীয় বাহিনী এতিয়া সম্পূৰ্ণ সাজু।