Indus Water Treaty: পানী নাপালে নিগমে মৰিম! ভাৰতলৈ ৪খনকৈ চিঠি প্ৰেৰণ পাকিস্তানৰ
India-Pakistan:ভাৰতে এতিয়াও নিজৰ স্থিতিত দৃঢ়। স্পষ্টকৈ জনাইছে যে, সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে হ'ব নোৱাৰে। তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে!

ভাৰতৰ সৈতে পাকিস্তানে নিজে সংঘাতৰ আৰম্ভণি কৰে।এতিয়া নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে অৱস্থা পাকিস্তানৰ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানক এসেকা দিবলৈ ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰাখে। ইফালে সিন্ধু নদীৰ পানী ভেটা দিয়াৰ বাবে শুকাই গৈছে পাকিস্তান। এতিয়া পানীৰ বাবে চুবুৰীয়া দেশখনে ভাৰতলৈ লিখিছে চিঠি। এখন বা দুখন নহয়, পাকিস্তানে একেৰাহে চাৰিখন চিঠি ভাৰতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে পাকিস্তানে জল সংকটৰ ভুগিছে। মাজে মাজে চন্দ্ৰভাগা বান্ধৰ পৰা পানী এৰি দিয়া হয় যদিও পাকিস্তানৰ সমস্যা সমাধান হোৱা নাই। ইয়াৰ বিপৰীতে পাকিস্তানত জল সংকট ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে। জানিব পৰা মতে, পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ৰ সম্পাদক চৈয়দ আলী মুৰ্তাজাই ভাৰতৰ জল শক্তি মন্ত্ৰালয়লৈ চাৰিখন পত্ৰ প্ৰেৰণ কৰিছে।
ইফালে ভাৰত নিজৰ স্থিতিত দৃঢ়। স্পষ্টকৈ জনাইছে যে, সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে হ’ব নোৱাৰে। তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদক উচটনি দিয়া বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল সন্ধিও স্থগিত হৈ থাকিব।
অপাৰেচন সেন্দূৰৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰম্ভ হয়। পাকিস্তানে জম্মু-কাশ্মীৰ, ৰাজস্থান, পঞ্জাৱৰ সীমান্তৰে আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল যদিও ভাৰতে প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিছিল। পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা হয় যদিও সিন্ধু জল সন্ধি স্থগিত আছে।
অপাৰেচন সেন্দূৰৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বাৰে বাৰে ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁ বিশ্ব মঞ্চত বাৰে বাৰে কৈ আহিছে যে ভাৰতৰ সৈতে সংঘাত সমাধানৰ বাবে আলোচনা কৰিব বিচাৰে।
ইফালে পাকিস্তানৰ ভিতৰৰ পৰা শ্বাহবাজ শ্বৰীফৰ ওপৰত হেঁচা বাঢ়িছে। কিছুদিন পূৰ্বে পাকিস্তানৰ সাংসদ চৈয়দ আলী জাফৰে কয়, “যদি এতিয়া জল সংকটৰ সমাধান নহয়, তেন্তে আমি অনাহাৰে মৃত্যু মুখত পৰিম। সিন্ধু আমাৰ জীৱনৰেখা, আমাৰ পানীৰ তিনি চতুৰ্থাংশ দেশৰ বাহিৰৰ পৰা আহে। ১০ জনৰ ভিতৰত ৯ জন লোক সিন্ধুৰ পানীৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ বাবে আমাৰ ৯০ শতাংশ পানী সিন্ধুৰ আৰু ইয়াৰ ওপৰত বিদ্যুৎ প্ৰকল্প আৰু বান্ধ নিৰ্মাণ কৰা হৈছে। আমি শীঘ্ৰে এই সমস্যা সমাধান কৰিব লাগিব।”