শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জম্মু-কাশ্মীৰত ‘অপাৰেচন ত্ৰাশী’ৰ সময়তে আহত ৮ জোৱান, আঁৰত পাকিস্তান ভিত্তিক জঈছ-ই-মহম্মদ!

সেনাৰ সূত্ৰ মতে, অভিযানৰ সময়ত জোৱানসকলে সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰি ধৰিছিল। কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সেনালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে, ইয়াৰ ফলত ৮ জন জোৱান আঘাতপ্ৰাপ্ত হয়।

জম্মু-কাশ্মীৰত ‘অপাৰেচন ত্ৰাশী’ৰ সময়তে আহত ৮ জোৱান, আঁৰত পাকিস্তান ভিত্তিক জঈছ-ই-মহম্মদ!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Firdous Nazir/NurPhoto via Getty Images
Monjit Dutta
Monjit Dutta | Published: 19 Jan 2026 11:09 AM

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে এক ভয়ানক সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ ৮ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। কিষ্টৱাৰৰ সোণাৰৰ ঘন অৰণ্য অঞ্চলত এই সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰে। সম্প্ৰতি অঞ্চলটোত সেনাই এক বিশাল অভিযান অব্যাহত ৰাখিছে। এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ভিতৰত তিনিজনৰ অৱস্থা কিছু গুৰুতৰ বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।

অপাৰেচন ত্ৰাশী-১

সেনাৰ ‘হোৱাইট নাইট কৰ্পছ’, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফ-এ যুটীয়াভাৱে দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা এই অভিযান আৰম্ভ কৰিছিল। ইয়াৰ নাম দিয়া হৈছে ‘অপাৰেচন ত্ৰাশী-১’। বাতৰি অনুসৰি, সন্ত্ৰাসবাদীৰ দলটো পাকিস্তান ভিত্তিক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদ (JeM)- ৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে।

সেনাৰ সূত্ৰ মতে, অভিযানৰ সময়ত জোৱানসকলে সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰি ধৰিছিল। কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সেনালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে, ইয়াৰ ফলত ৮ জন জোৱান আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৩ জন জোৱানৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বিমানযোগে লৈ যোৱা হৈছে।

কটকটীয়া নিৰাপত্তা ব্যৱস্থা

সংঘৰ্ষৰ পিছতে সোণাৰ অঞ্চললৈ অতিৰিক্ত সেনা বাহিনী প্ৰেৰণ কৰা হৈছে। ড্ৰোণ আৰু স্নিফাৰ ডগৰ জৰিয়তে অৰণ্যৰ ভিতৰত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ সন্ধান চলাই থকা হৈছে। লগতে সন্দেহযুক্ত বাহনসমূহৰ ওপৰতো তীব্ৰ নজৰ ৰখা হৈছে। এক কথাত বৰ্তমান কিষ্টৱাৰৰ এই অৰণ্য অঞ্চল ঘেৰি ৰাখিছে সেনাই।

২০২৬ বৰ্ষৰ তৃতীয়টো সংঘৰ্ষ

বছৰটোৰ মাত্ৰ ২০ দিনৰ ভিতৰতে জম্মু-কাশ্মীৰত এয়া তৃতীয়টো বৃহৎ এনকাউণ্টাৰ। ইয়াৰ পূৰ্বে ৭ আৰু ১৩ জানুৱাৰীত কাঠুৱা জিলাৰ বিলাভৰ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষ হৈছিল। উল্লেখ্য যে যোৱা বছৰৰ ১৫ ডিচেম্বৰতো উধমপুৰ জিলাত হোৱা এনকাউণ্টাৰত এজন আৰক্ষী বিষয়া শ্বহীদ হৈছিল।