TV9 ASSAM
কেৱল সুগন্ধিয়েই নহয়, তেজপাতত থাকে কেলচিয়াম, আইৰণ, জিংক আৰু ভিটামিন A তথা C, যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।
ঘৰত তেজপাত পুৰি ইয়াৰ ধোঁৱা ল’লে মানসিক চাপ কমে। ইয়াৰ পৰা নিৰ্গত হোৱা কেমিকেলে 'মুড বুষ্ট' কৰাত সহায় কৰে।
ৰাতিপুৱা খালী পেটত তেজপাত সিজোৱা পানী খালে তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে।
আপুনি যদি গেছ বা বদহজমৰ সমস্যাত ভুগিছে, তেন্তে তেজপাতৰ চাহ বা ইয়াৰ পানী খাব পাৰে। ই পাচন তন্ত্ৰক অধিক সক্ৰিয় কৰি তোলে।
তেজপাত সিজোৱা পানী 'টোনাৰ' হিচাপে ব্যৱহাৰ কৰিলে বা ইয়াৰ ভাপ ল’লে শালমইনা আৰু ক’লা দাগৰ সমস্যা দূৰ হয়।
প্ৰাকৃতিকভাৱে মহ খেদাবলৈ এটা বাটিত ৪-৫ টা তেজপাত, অলপ কৰ্পূৰ আৰু সৰিয়হৰ তেল দি পুৰি তাৰ ধোঁৱা ঘৰত দিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
সুস্থ হৃদযন্ত্ৰৰ বাবে নিৰামিষ নে আমিষ খাদ্য ভাল?