শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সৰস্বতী পূজাৰ পূৰ্বে ঘটিব দুটাকৈ শক্তিশালী যোগ; ভাগ্য মুকলি হ’ব এই ৪ ৰাশিৰ, সুখ-সম্পদেৰে ভৰিব জীৱন

চলিত মাহৰ তৃতীয় সপ্তাহত গ্ৰহৰ চাল-চলনে এক অত্যন্ত শুভ আৰু দুৰ্লভ সংযোগৰ সৃষ্টি কৰিবলৈ সাজু হৈছে। একেটা দিনত দুটাকৈ শক্তিশালী যোগে বিশেষ চাৰিটা ৰাশিলৈ অনন্য লাভ কৰিয়াই আনিব। এই বিষয়ে ভালদৰে জানো আহক।

সৰস্বতী পূজাৰ পূৰ্বে ঘটিব দুটাকৈ শক্তিশালী যোগ; ভাগ্য মুকলি হ’ব এই ৪ ৰাশিৰ, সুখ-সম্পদেৰে ভৰিব জীৱন
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Updated On: 19 Jan 2026 12:57 PM

প্ৰাচীন কালৰে পৰা মানৱ সভ্যতাৰ সৈতে জ্যোতিষ শাস্ত্ৰৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। মহাকাশত প্ৰতিটো গ্ৰহ-নক্ষত্ৰৰ গতি আৰু অৱস্থানে আমাৰ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বিশ্বব্ৰহ্মাণ্ডৰ এই অদৃশ্য শক্তিয়েই কেতিয়াবা আমালৈ কঢ়িয়াই আনে প্ৰত্যাহ্বান, আকৌ কেতিয়াবা মুকলি কৰে সৌভাগ্যৰ নতুন দুৱাৰ। ২০২৬ চনৰ আৰম্ভণিতে এনে এক বিৰল মহাজাগতিক পৰিৱৰ্তনে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চা লাভ কৰিছে। বিশেষকৈ চলিত মাহৰ তৃতীয় সপ্তাহত গ্ৰহৰ চাল-চলনে এক অত্যন্ত শুভ আৰু দুৰ্লভ সংযোগৰ সৃষ্টি কৰিবলৈ সাজু হৈছে।

অহা ২১ জানুৱাৰী দিনটো জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এই দিনটোতে শুক্ৰ, বুধ আৰু সূৰ্যই একত্ৰিত হৈ সৃষ্টি কৰিব লক্ষ্মী নাৰায়ণ যোগ আৰু বুধাদিত্য ৰাজযোগ। যেতিয়া আৰাম-ঐশ্বৰ্যৰ কাৰক শুক্ৰ আৰু বুদ্ধি তথা ব্যৱসায়ৰ স্বামী বুধ একেটা নক্ষত্ৰত মিলিত হয়, তেতিয়াই জীৱনত অৰ্থনৈতিক সমৃদ্ধি আৰু স্থিৰতাৰ দুৱাৰ মুকলি হয়।

শুভ সংযোগ

এই দিনটোত সুখ-ঐশ্বৰ্যৰ কাৰক শুক্ৰ আৰু বুদ্ধিৰ কাৰক বুধ গ্ৰহ একেলগে ‘শ্ৰৱণ নক্ষত্ৰ’ত প্ৰৱেশ কৰিব। এই দুই গ্ৰহৰ মিলনে অৰ্থনৈতিক মজবুতি আৰু সৌভাগ্য কঢ়িয়াই অনা লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব। একেদিনাই নিশা ৯:১৫ বজাত সূৰ্য আৰু বুধ গ্ৰহ বিশেষ স্থিতিত অৱস্থান কৰি ‘বুধাদিত্য ৰাজযোগ’ গঠন কৰিব।

বুধাদিত্য ৰাজযোগক ধন, সন্মান আৰু সুখৰ কাৰক হিচাপে গণ্য কৰা হয়। একেটা দিনত দুটাকৈ শক্তিশালী যোগে বিশেষ চাৰিটা ৰাশিলৈ অনন্য লাভ কৰিয়াই আনিব। এই বিষয়ে ভালদৰে জানো আহক-

বৃষ ৰাশি

এই ৰাশিৰ জাতকসকলৰ বাবে উপাৰ্জনৰ নতুন পথ মুকলি হ’ব। পাবলৈ থকা ধন ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উৰ্ধতম বিষয়াৰ সহযোগিতা লাভ কৰিব আৰু ব্যৱসায়ত লাভৰ সংকেত দেখা গৈছে। পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা উন্নতিৰ দুৱাৰস্বৰূপ। চাকৰিত পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি আগতকৈ উন্নত হ’ব। আপোনাৰ কথা কোৱাৰ শৈলী আৰু বুদ্ধিমত্তাই সমাজত এক সুকীয়া পৰিচয় আৰু সন্মান প্ৰদান কৰিব।

কন্যা ৰাশি

পৰিশ্ৰমৰ উচিত ফল লাভ কৰাৰ সময় আহি পৰিছে। কেৰিয়াৰত নতুন আৰম্ভণিৰ বাবে ২১ জানুৱাৰীৰ দিনটো অতি অনুকূল। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব আৰু দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা কামবোৰ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হ’ব। পৰিয়ালৰ পৰা কোনো শুভ খবৰ পাব পাৰে।

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন পৰিকল্পনাৰে কাম আৰম্ভ কৰিলে সফলতা নিশ্চিত। মাটি-বাৰী বা বাহন ক্ৰয়ৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। পুৰণি প্ৰচেষ্টাৰ সুফল লাভ কৰিব আৰু সমাজত মান-সন্মান বৃদ্ধি পাব।