শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
স্বামীয়ে বিক্ৰী কৰা সম্পত্তিৰ অংশ বিচাৰিব পাৰিব পত্নীয়ে...

স্বামীয়ে বিক্ৰী কৰা সম্পত্তিৰ অংশ বিচাৰিব পাৰিব পত্নীয়ে…

Trishna Kalita
Trishna Kalita | Published: 18 Jan 2026 20:35 PM

আদালতে কয় যে, হিন্দু দম্পতীৰ ক্ষেত্ৰত যদি বিবাহ বিচ্ছেদৰ সময়ত ভৰণ-পোষণৰ গোচৰ ৰুজু কৰাৰ পিছত সম্পত্তি বিক্ৰী কৰা হয় বা সম্পত্তিৰ ক্ৰেতাই বিক্ৰেতাৰ পত্নীৰ দাবীৰ বিষয়ে ইতিমধ্যে জানে তেন্তে বিক্ৰী কৰা সম্পত্তিৰ ধনৰ অংশ পত্নীয়ে  বিচাৰিব পাৰে।

স্বামীয়ে সম্পত্তি বিক্ৰী কৰি পোৱা ধনৰ অংশ লাভ কৰাৰ অধিকাৰ পত্নীৰ আছে। এটা গুৰুত্বপূৰ্ণ গোচৰত কেৰালা উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠে দিছে এই ৰায়। আদালতে কয় যে, হিন্দু দম্পতীৰ ক্ষেত্ৰত যদি বিবাহ বিচ্ছেদৰ সময়ত ভৰণ-পোষণৰ গোচৰ ৰুজু কৰাৰ পিছত সম্পত্তি বিক্ৰী কৰা হয় বা সম্পত্তিৰ ক্ৰেতাই বিক্ৰেতাৰ পত্নীৰ দাবীৰ বিষয়ে ইতিমধ্যে জানে তেন্তে বিক্ৰী কৰা সম্পত্তিৰ ধনৰ অংশ পত্নীয়ে  বিচাৰিব পাৰে।

ন্যায়াধীশ সুশ্ৰুত অৰবিন্দ ধৰ্মাধিকাৰী, ন্যায়াধীশ পি.ভি. কুনাহিকৃষ্ণন আৰু ন্যায়াধীশ জি গিৰিশৰ বিচাৰপীঠে কয় যে, এনে ক্ষেত্ৰত পত্নীৰ ভৰণ-পোষণৰ অধিকাৰ ট্রান্সফাৱ অৱ প্রপার্টি আইনৰ ৩৯ নং ধাৰা আৰু হ Hindu Adoptions and Maintenance Act (HAMA )ৰ ২৮ নং ধাৰাৰ যোগেদি সুৰক্ষিত হৈ থাকে । এই ধাৰাসমূহৰ মতে যিকোনো চলনশীল সম্পত্তি হস্তান্তৰ হ’লেও তৃতীয় পক্ষৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ লাভ কৰিব।