19 Jan 2026
TV9 ASSAM
মৃত্যু এক চিৰন্তন সত্য। জন্ম হ'লেই মৃত্যু হ'বই। দেখা যায় যায় মৃত্যুৰ পাছত সেই মানুহজনে ব্যৱহাৰ কৰা বস্তু আনে ব্যৱহাৰ কৰে। ই ভাল নে বেয়া।
গৰুড় পুৰাণত বিভিন্ন দিশৰ কথা উল্লেখ আছে। মৃত্যুৰ পাছত ব্যক্তিৰ কি কি বস্তু ব্যৱহাৰ কৰিব নালাগে এই সন্দৰ্ভতো গৰুড় পুৰাণত উল্লেখ আছে।
মান্যতা অনুসৰি, মৃত মানুহৰ কাপোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে ব্যক্তিৰ লগতে পৰিয়ালত নকৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে।
মান্যতা অনুসৰি, মৃত মানুহে এৰি যোৱা জোতা-চেণ্ডেল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলেও সমস্যা অহাৰ সম্ভাৱনা আছে। ই নকৰাত্মক শক্তি বৃদ্ধি কৰিব পাৰে।
মৃত মানুহৰ ঘড়ী ব্যৱহাৰ কৰা বেয়া। এনে কৰিলে বেয়া সময় আহিব পাৰে আৰু জীৱনত বহু সমস্যা আহিব পাৰে। গতিকে মৃতকে ব্যৱহাৰ কৰা ঘড়ী ব্যৱহাৰ নকৰিব।
মৃত্যুৰ আগতে যদি কোনোৱে আ-অলংকাৰ দি গৈছে সেয়া ব্যৱহাৰ কৰিব পাৰে। কিন্তু মৃত ব্যক্তিৰ দেহৰ পৰা অলংকাৰ উলিয়াই ব্যৱহাৰ কৰিব নালাগে।
মৃতকে ব্যৱহাৰ কৰা গাড়ু, কম্বল আদি ব্যৱহাৰ কৰা বেয়া। এনে কৰিলে জীৱনত সমস্যা আহে বুলি কয়। যদি এইবোৰ ভালে থাকে তেন্তে দান কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক