মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে?

19 Jan 2026

TV9 ASSAM

Credit: Getty Images

গৰুড় পুৰাণত মৃত্যু, আত্মাৰ যাত্ৰা, কৰ্ম আৰু পুনৰ্জন্মৰ নীতিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। আত্মাই কেতিয়া আৰু কেনেকৈ নতুন শৰীৰ পায় সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তাৰ কৰ্মৰ ওপৰত।

 নতুন জন্ম 

গৰুড় পুৰাণৰ মতে, এজন ব্যক্তিৰ মৃত্যু হ’লে যমদুটে ২৪ ঘন্টাৰ বাবে তেওঁৰ আত্মাক লগত লৈ যমলোকলৈ লৈ যায়, য’ত তেওঁক গোটেই জীৱনৰ বিৱৰণী দেখুওৱা হয়।

জীৱনৰ হিচাপ

২৪ ঘণ্টাৰ পিছত যমদুটে আত্মাক পুনৰ পৃথিৱীলৈ, তেওঁৰ ঘৰ আৰু পৰিয়াললৈ ঘূৰাই আনে। এই আত্মাই আগন্তুক ১৩ দিন ভূতৰ ৰূপত নিজৰ ঘৰ আৰু পৰিয়ালত ঘূৰি ফুৰে।

ভূত হৈ বিচৰণ 

১৩ দিনত পৰিয়ালে কৰা পিণ্ডদান (শ্ৰাদ্ধ কৰ্ম) মৃত আত্মাৰ বাবে খাদ্য আৰু আগন্তুক যাত্ৰাৰ বাবে শক্তি হিচাপে কাম কৰে। পিণ্ডদান নকৰিলে আত্মাই বহুত কষ্ট পায়।

আত্মাৰ কষ্ট 

১৩ দিনৰ ৰীতি-নীতি আৰু পৰিয়ালে কৰা পিণ্ডদানৰ পিছত আত্মাই সূক্ষ্ম শৰীৰ লাভ কৰে। এইটো এনে এক শৰীৰ যাৰ যোগেদি আত্মাই নিজৰ যাত্ৰা অব্যাহত ৰাখিব পাৰে আৰু নিজৰ কৰ্মৰ ফল উপভোগ কৰিব পাৰে।

কৰ্মৰ ফল

যদি পূণ্য কাম কৰিছে তেন্তে স্বৰ্গলৈ গৈ তাতেই নিজৰ ফল ভোগ কৰে। যেতিয়া আত্মাৰ পূণ্য বা পাপৰ ভাৰসাম্যতা থাকে তেতিয়া ই নতুন শৰীৰ লাভ কৰে।

পাপ-পূণ্যৰ ভাৰসাম্য

পৰিয়ালত কাজিয়াৰ সৃষ্টি কৰা বা পিতৃ-মাতৃক অশান্তি দিয়া লোকসকলে পৰৱৰ্তী জন্মত গৰ্ভৰ ভিতৰতে মৃত্যুবৰণ কৰিব পাৰে। পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰা লোকসকল প্ৰায়ে বেয়া গৰ্ভত জন্ম হয়।

গৰ্ভত মৃত্যু

চাবলৈ ক্লিক কৰক 

লিভাৰ দুৰ্বল হোৱাৰ লক্ষণ