Operation Shivshakti: এইবাৰ কাশ্মীৰ উপত্যকাত সেনাৰ অপাৰেচন শিৱশক্তি, সীমান্তত দুই অস্ত্ৰধাৰী সন্ত্ৰাসবাদীক নিধন
Operation Shivshakti: সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই এইবাৰ আৰম্ভ কৰিলে অপাৰেচন শিৱশক্তি। ভাৰত-পাক সীমান্তত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে গুলীয়াই হত্যা দুই সন্ত্ৰাসবাদীক।

ভাৰতীয় নিৰাপত্তা বাহিনীয়ে বুধবাৰে জম্মু-কাশ্মীৰত এক বৃহৎ সফলতা অৰ্জন কৰিছে। আজি পুৱা পুঞ্চ জিলাত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ লগতে নিধন কৰে দুটা সন্ত্ৰাসবাদীক। ইয়াৰ ২ দিন পূৰ্বে সেনাই ‘অপাৰেচন মহাদেৱ’ৰ জৰিয়তে ৩ টা সন্ত্ৰাসবাদীক হত্যা কৰিছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে সম্পৰ্ক আছিল সন্ত্ৰাসবাদীকেইটাৰ।
পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহজনক কাৰ্যকলাপ দেখা পোৱাৰ পিছতে ‘অপাৰেচন শিৱশক্তি’ আৰম্ভ কৰা হয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছে এক পোষ্টযোগে কয়, “আন এটা অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰা হৈছে। সজাগ ভাৰতীয় সেনা জোৱানে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২ টা সন্ত্ৰাসবাদীক হত্যা কৰে। নিৰাপত্তা বাহিনীৰ দ্ৰুত কাৰ্য আৰু নিৰন্তৰ গুলীচালনাই তেওঁলোকৰ কুৎসিত অভিপ্ৰায় বিফল কৰে। ঘটনাস্থলীৰ পৰা ৩টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।”
Contact with #Terrorists
Suspected movement of two individuals was observed by own troops along the fence in gen area of #Poonch Sector. Gunfire exchanged. Operation under progress.@adgpi@NorthernComd_IA
— White Knight Corps (@Whiteknight_IA) July 30, 2025
কাঠুৱা জিলাতো অনুসন্ধান অভিযান
পোষ্টটোত আৰু কোৱা হৈছে যে, “আমাৰ নিজৰ চোৰাংচোৱা ইউনিট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ প্ৰচেষ্টা আৰু সমন্বিত চোৰাংচোৱা তথ্যৰ বাবেই এই অভিযান সফল হৈছিল।” ইফালে, কাঠুৱা জিলাৰ ৰাজবাগ ছেক্টৰৰ ৰামপুৰৰ ছাব্বা চক আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত দুজন সন্দেহজনক লোকক দেখা পোৱাৰ পাছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।
শ্ৰীনগৰৰ সমীপৰ ডাচিগাম বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা ‘অপাৰেচন মহাদেৱ’ৰ মাত্ৰ ২ দিনৰ পিছত এই এনকাউণ্টাৰ সংঘটিত হৈছে, য’ত পহলগাম আক্ৰমণৰ সৈতে জড়িত ৩টা পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছিল। পহলগামত ২৫ জন পৰ্যটককে ধৰি ২৬ জন লোকক হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।
#WhiteKnightCorps#OPERATION SHIVSHAKTI
In a successful anti-infiltration operation, alert troops of the #IndianArmy eliminated two terrorists attempting to infiltrate across the Line of Control. Swift action and accurate firepower thwarted the nefarious designs. Three weapons…
— White Knight Corps (@Whiteknight_IA) July 30, 2025
‘অপাৰেচন মহাদেৱ’ত নিহত ৩ সন্ত্ৰাসবাদী
হাৰৱান অঞ্চলত সন্দেহজনক অৱস্থিতিৰ সন্ধান পোৱাৰ পিছতে যোৱা ১১ জুলাইত ডাচিগামত অভিযান চলাইছিল সেনাই। প্ৰায় ১৭ দিনৰ নিবিড় অনুসন্ধান আৰু চোৰাংচোৱাগিৰিৰ অন্তত ২৪ ৰাষ্ট্ৰীয় ৰাইফল আৰু ৪ পেৰা কমাণ্ডোৰ যৌথ দলে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধৰা পেলাই ২ দিন পূৰ্বে সোমবাৰে পুৱা প্ৰায় ১১:৩০ বজাত সন্ত্ৰাসবাদীক হত্যা কৰে।
নিহত তিনিটা সন্ত্ৰাসবাদীৰ ভিতৰত এটা হৈছে চুলেমান শ্বাহ, যি পাকিস্তান সেনাৰ প্ৰাক্তন কমাণ্ডো আৰু লগতে পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হয়। এই আত্মগোপন স্থানৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু খাদ্য সামগ্ৰী।
সেনাই এই বিষয়ে অৱগত কৰে এল জি মনোজ সিনহাক
আনহাতে, মঙলবাৰে সেনাৰ নৰ্দাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মাই জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক অপাৰেচন মহাদেৱৰ বিষয়ে অৱগত কৰে, য’ত পহলগাম আক্ৰমণত জড়িত ৩টা সন্ত্ৰাসবাদী নিহত হয়।
ইয়াৰ পূৰ্বে নিষিদ্ধ লস্কৰ-ই-তৈবাৰ ছাঁয়া সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) পহলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। পহলগাম গোচৰৰ তদন্ত চলাই থকা এন আই এই সন্ত্ৰাসবাদীয়ে ধৰ্মীয় পৰিচয়ৰ ভিত্তিত নিৰ্বাচিত পৰ্যটকক লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে।
ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দূৰ আৰম্ভ কৰি পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (POK)ৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল, য’ত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। কিন্তু ৩ দিন পিছত ১০ মে’ত দুয়োখন দেশে যুদ্ধবিৰতিত সমৰ্থন জনায়।
যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই ১৩টা পাকিস্তানী সামৰিক ঘাটিকো লক্ষ্য কৰি লৈছিল। পহলগাম আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।