Operation Mahadev: সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কাশ্মীৰত সেনাৰ অপাৰেচন মহাদেৱ, তিনিটা সন্ত্ৰাসবাদীক নিধন
অপাৰেচন মহাদেৱত ৩ জন সন্ত্ৰাসবাদী নিহত হৈছে। লগতে কোৱা হৈছে যে পহলগামত সংঘটিত আক্ৰমণৰ লগত নিহত তিনি সন্ত্ৰাসবাদী জড়িত থকাৰো সন্দেহ কৰা হৈছে ।

সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ হৰৱানৰ লিদৱাস অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন মহাদেৱ আৰম্ভ কৰিছে ভাৰতীয় সেনাই। এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়। অৱশ্যে নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা অৰ্জন কৰাৰ খবৰ পোৱা গৈছে। অপাৰেচন মহাদেৱত ৩ জন সন্ত্ৰাসবাদী নিহত হৈছে। লগতে কোৱা হৈছে যে পহলগামত সংঘটিত আক্ৰমণৰ লগত নিহত তিনি সন্ত্ৰাসবাদী জড়িত থকাৰো সন্দেহ কৰা হৈছে ।
ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ তথ্য অনুসৰি লিডৱাস অঞ্চলত গুলীয়াগুলী আৰম্ভ হয়। ইফালে, বিষয়াসকলে জনোৱা মতে, আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যৌথ দলে মুলনাৰ বনাঞ্চলত কৰ্ডন আৰু তালাচী অভিযান আৰম্ভ কৰিছে।
সূত্ৰ অনুসৰি এই এনকাউণ্টাৰত নিহত তিনি সন্ত্ৰাসবাদীৰ নাম আবু হামজা/হাৰিছ, ইয়াছিৰ আৰু চুলেমান। পহলগাম আক্ৰমণত চুলেমান নামৰ এটা সন্ত্ৰাসবাদী জড়িত আছিল। নিহত সন্ত্ৰাসবাদীটো সেই চুলেমান হয় নে নহয় সেই সম্পৰ্কে পৰীক্ষা-নীৰিক্ষা চলাই আছে নিৰাপত্তা বাহিনীয়ে।
৩টা সন্ত্ৰাসবাদী নিহত
বিষয়াসকলে জনোৱা মতে, সন্দেহযুক্ত স্থানত নিৰাপত্তা বাহিনী উপস্থিত হোৱাৰ লগে লগে তাত লুকাই থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে, যাৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলী চলায়। ইয়াৰ পিছতে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘাত আৰম্ভ হয়। এতিয়ালৈকে এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা লাভ কৰিছে। নিহত হৈছে ৩ টা সন্ত্ৰাসবাদী। এতিয়াও চলি আছে অপাৰেচন। একে সময়তে ২ টা সন্ত্ৰাসবাদী আহত হোৱা বুলি জানিব পৰা গৈছে। তিনিওটা মৃতদেহ ড্ৰ’নৰ জৰিয়তে দেখা গৈছে।
সূত্ৰ অনুসৰি নিহত তিনিওটা বিদেশী সন্ত্ৰাসবাদী বুলি জানিব পৰা গৈছে। এতিয়াও তালাচী অভিযান অব্যাহত আছে, য’ত আৰু অধিক সন্ত্ৰাসবাদী আত্মগোপন কৰাৰ সন্দেহ। সন্ত্ৰাসবাদীক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
Chinar Corps of the Indian Army launches anti-terror Operation Mahadev in the general area of Lidwas in Jammu & Kashmir pic.twitter.com/6vyf9z1FrW
— ANI (@ANI) July 28, 2025
অব্যাহত আছে অপাৰেচন মহাদেৱ
বিষয়াসকলে জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে হাৰৱানৰ মুলনাৰ অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, যেতিয়া নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান চলাই আছিল তেতিয়া দূৰৰ পৰা দুটা গুলীৰ শব্দ শুনা গৈছিল। ইয়াৰ পিছতে অপাৰেচন আৰম্ভ কৰা হয়।
পহলগাম আক্ৰমণৰ সৈতে জড়িত থকাৰ সন্দেহ
এই অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হৈছে। একে সময়তে পোহৰলৈ আহিছে যে এই তিনি সন্ত্ৰাসবাদী পহলগাম আক্ৰমণৰ সন্দেহযুক্ত হ’ব পাৰে। জম্মু-কাশ্মীৰৰ পহলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰস্ত্ৰ লোকক আক্ৰমণ কৰি হত্যা কৰে। এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে।
পাকিস্তানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাঠ শিকাবলৈ ভাৰতে ৭ মে’ৰ নিশা অপাৰেচন সেন্দূৰ আৰম্ভ কৰে। এই অভিযানৰ অধীনত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি ধ্বংস কৰা হয়। ইয়াৰ পিছত পাকিস্তানেও ভাৰতক আক্ৰমণ কৰাৰ এক ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। যোৱা ১০ মে’ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ পিছতে সোমবাৰে অপাৰেচন মহাদেৱৰ অধীনত নিহত হোৱা সন্ত্ৰাসবাদীক পহলগাম আক্ৰমণৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে।

Pahalgam Attack Accused
পহলগাম আক্ৰমণৰ পিছত তিনিটা সন্ত্ৰাসবাদীৰ স্কেচ্চ মুকলি কৰা হৈছিল। ইয়াৰ পিছত অপাৰেচন মহাদেৱৰ অধীনত নিহত সন্ত্ৰাসবাদীক এতিয়া পহলগাম আক্ৰমণৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।
অধিক খবৰ পাবলৈ স্ক্ৰল কৰক…