শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Mahadev: ১১ দিন পূৰ্বেই ধৰা পৰিছিল সন্ত্ৰাসবাদীৰ গতিবিধি, অৱশেষত মৃত্যু উপহাৰ পহলগামকাণ্ডৰ মাষ্টাৰমাইণ্ডক

২৬ নিৰীহৰ কেঁচা তেজেৰে ফাকু খেলা সন্ত্ৰাসবাদীক উচিত শিক্ষা দিলে ভাৰতীয় সেনাই। কাশ্মীৰ উপত্যকাৰ লিডৱাছ বনাঞ্চলত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে তিনি পাক-সন্ত্ৰাসবাদীয়ে। ইয়াৰে এটা সন্ত্ৰাসবাদী হৈছে চুলেইমানী শ্বাহ। পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে চুলেইমানীক অভিযুক্ত কৰা হৈছিল।

Operation Mahadev: ১১ দিন পূৰ্বেই ধৰা পৰিছিল সন্ত্ৰাসবাদীৰ গতিবিধি, অৱশেষত মৃত্যু উপহাৰ পহলগামকাণ্ডৰ মাষ্টাৰমাইণ্ডক
পহলগামকাণ্ডত জড়িত সন্ত্ৰাসবাদী (ফাইল ফটো)Image Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 29 Jul 2025 10:59 AM

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত এক বৃহৎ সফলতা লাভ কৰিছে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ হৰৱানৰ সমীপৰ লিডৱাছ বনাঞ্চলত এক সংঘৰ্ষৰ সময়ত পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড চুলেমানীকে ধৰি তিনিটা পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰে ভাৰতীয় সেনাই।

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ চোৰাংচোৱা আৰু কাৰিকৰী নিৰীক্ষণৰ পিছত আৰম্ভ হোৱা এই অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন মহাদেৱ’। জানিব পৰা মতে, যোৱা ১৮ জুলাইত জম্মু-কাশ্মীৰৰ ডাচিগাম ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এটা অঞ্চলত চোৰাংচোৱা সংস্থাই সন্দেহজনক গতিবিধি লক্ষ্য কৰি আৰম্ভ কৰিছিল অপাৰেচন মহাদেৱ।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অতি সোনকালেই জোৱানসকলে অঞ্চলটোত তালাচী আৰম্ভ কৰে। ইন্টাৰচেপ্টৰ পৰা দেখা যায় যে যি যোগাযোগ যন্ত্ৰৰ পৰা সংকেত আহিছিল, সেই যোগাযোগ যন্ত্ৰটোৰ ব্যৱহাৰকাৰীজনৰ ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে কিছু সম্পৰ্ক আছে।

সূত্ৰ অনুসৰি দেওবাৰ-সোমবাৰে নিশা ২ বজাত T82 আল্ট্ৰাছেট সক্ৰিয় কৰা হৈছিল। T82 এটা বিৰল এনক্ৰিপ্ট কৰা যোগাযোগকাৰী ডিভাইচ। এই যন্ত্ৰটোৰ পৰা সংকেত পোৱাৰ লগে লগে সন্ত্ৰাসবাদীক শিক্ষা দিয়াৰ সিদ্ধান্ত নিৰ্ণয় কৰা হ’ল। T82 ৰ পৰা পোৱা সংকেতৰ পৰা নিৰাপত্তা বাহিনীয়ে সঠিক স্থান বিচাৰি পায়।

প্ৰায় ১১ দিনৰ অনুসন্ধান অভিযানৰ অন্তত সোমবাৰে পুৱা প্ৰায় ১১.৩০ বজাত ২৪ ৰাষ্ট্ৰীয় ৰাইফল আৰু ৪ পেৰা কমাণ্ডোৰ এটা দলে তিনিটা “পাকিস্তানী সন্ত্ৰাসবাদী”ক হত্যা কৰে, ইয়াৰে এটা আছিল লস্কৰ-ই-তৈবা (LeT)ৰ সদস্য চুলেইমানী শ্বাহ, যাক পাহালগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা হৈছিল।

সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া সকলক চিনাক্ত কৰা হ’ব

পুৱা প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা এই এনকাউণ্টাৰত ২৪ ৰাষ্ট্ৰীয় ৰাইফল আৰু ৪ পেৰা ইউনিটৰ যৌথ দলে হাৰৱানৰ মুলনাৰ অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ ধৰা পেলায়, তাৰ পিছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ ওপৰত প্ৰচণ্ড গুলীচালনা কৰে, যাৰ ফলত তিনিটা অস্ত্ৰধাৰী সন্ত্ৰাসবাদী নিহত হয়।

এজন বিষয়াই জনোৱা মতে, পহলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দিয়াৰ অভিযোগত যোৱা মাহত এন আই এই গ্ৰেপ্তাৰ কৰা পাৰভেজ আহমেদ জোথাৰ আৰু বছিৰ আহমেদ জোথাৰ নামৰ দুজন লোকৰ পৰা সন্ত্ৰাসবাদীৰ পৰিচয় নিশ্চিত হোৱাৰ সম্ভাৱনা আছে।

এন আই এৰ তদন্তত প্ৰকাশ পাইছে যে আক্ৰমণৰ পূৰ্বে পাৰভেজ আৰু বছিৰে ইচ্ছাকৃতভাৱে হিল পাৰ্কত অৱস্থিত এটা ঋতুভিত্তিক জুপুৰিত তিনি অস্ত্ৰধাৰী সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল। যোৱা মাহত জাৰি কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে সংস্থাটোৱে।

পহলগাম আক্ৰমণৰ মূল সন্দেহযুক্ত চুলেইমানী শ্বাহ

পহলগামৰ এখন পাৰ্কত ২৫ জন পৰ্যটক আৰু এজন স্থানীয় পনি অপাৰেটৰক গুলীয়াই হত্যা কৰাৰ পিছত চুলেইমানী শ্বাহৰ নাম মূল সন্দেহজনক অভিযুক্ত হিচাপে চিহ্নিত হৈছিল। এই গোচৰৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)য়েও তেওঁক বিচাৰি আছিল। এজন বিষয়াই কয় যে তেওঁ পাকিস্তানী সেনাৰ প্ৰাক্তন কমাণ্ডো আছিল বুলি সন্দেহ কৰা হৈছে।

ডাচিগামৰ হাৰৱান অঞ্চলত অৱস্থিত এটা আত্মগোপন স্থানৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা এম ৪ কাৰবাইন আৰু দুটা এ কে ৪৭ ৰাইফল, গ্ৰেনেড আৰু গোলাবাৰুদৰ লগতে খাদ্য সামগ্ৰী উদ্ধাৰ কৰিছে। আনহাতে নিহত আন দুই সন্ত্ৰাসবাদীৰ পৰিচয় আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।