শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Tata Consultancy Services: বন্ধ হ’বলৈ গৈ আছে TCS ৰ কাৰ্যালয় ! কি হ'ব কৰ্মচাৰীৰ ভৱিষ্যত?

Tata Consultancy Services: বন্ধ হ’বলৈ গৈ আছে TCS ৰ কাৰ্যালয় ! কি হ’ব কৰ্মচাৰীৰ ভৱিষ্যত?

manas-borah
Manas Borah | Published: 17 Sep 2025 22:56 PM

১৩ বছৰৰ পাছত বন্ধ হ’ব এই কাৰ্যালয়টো। যাৰ ফলত প্ৰায় এহেজাৰ কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিয়তাৰ দিশে গতি কৰিব। এই সিদ্ধান্তৰ ফলত কৰ্মচাৰীয়ে চাকৰি হেৰুৱাৰ লগতে কাৰ্যালয় বন্ধ হ’লে ৰাজ্যৰ ৰাজহ সংগ্ৰহতো আঘাত হানিব।

ৰতন টাটাৰ মৃত্যুৰ পাছত এতিয়া বন্ধ হ’বলৈ গৈ আছে কাৰ্যালয়। এবছৰৰ পূৰ্বে দেহাৱসান ঘটিছিল ৰতন টাটাৰ। এতিয়া তেওঁৰ টাটা ‘সাম্ৰাজ্য’ৰ এটা কাৰ্যালয় বন্ধ হ’বলৈ গৈ আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি টাটা কনছালটেন্সি চাৰ্ভিচেছ (TCS)ৰ মধ্যপ্ৰদেশৰ ভূপালত থকা শাখা বন্ধ কৰিবলৈ গৈ আছে। ১৩ বছৰৰ পাছত বন্ধ হ’ব এই কাৰ্যালয়টো। যাৰ ফলত প্ৰায় এহেজাৰ কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিয়তাৰ দিশে গতি কৰিব। এই সিদ্ধান্তৰ ফলত কৰ্মচাৰীয়ে চাকৰি হেৰুৱাৰ লগতে কাৰ্যালয় বন্ধ হ’লে ৰাজ্যৰ ৰাজহ সংগ্ৰহতো আঘাত হানিব।

জানিব পৰা মতে, চলিত বৰ্ষৰ জুন মাহৰ পৰা ভূপালৰ কাৰ্যালয়ত কাম বন্ধ হৈ আছে। ইতিমধ্যে কার্যালয়ৰ সা-সামগ্রী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে ৷ কৰ্মচাৰীসকলে মধ্য প্ৰদেশৰ বিত্তমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী জগদীশ দেওৰাক সাক্ষাৎ কৰাৰ পিছতে এই বিষয়টো পোহৰলৈ আহে। TCS ৰ ভূপাল শাখা বন্ধ হ’লে ইয়াৰ প্ৰভাৱ পৰিব মহানগৰীৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনত। TCS য়ে এই শাখাৰ পৰা বছৰি প্ৰায় ৫০০ কোটি টকাৰ ব্যৱসায় কৰে। এই শাখাটো বন্ধ হ’লে প্ৰায় ১০০০ কৰ্মচাৰীৰ চাকৰি বিপদত পৰিব। সেয়ে ৰাজ্য চৰকাৰে শাখাটো খোলা ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও খবৰ প্ৰকাশ পাইছে।