শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কোনে, কিয় গুলীচালনা কৰিছিল দিশা পাটানিৰ বাসগৃহত?

কোনে, কিয় গুলীচালনা কৰিছিল দিশা পাটানিৰ বাসগৃহত?

trishna-kalita
Trishna Kalita | Published: 17 Sep 2025 22:03 PM

দিশাৰ পিতৃয়ে কয়, “১৪ ছেপ্টেম্বৰৰ মাজ নিশা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ফোন কৰিছিল। যোগীজীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ পৰিয়ালৰ সকলোৰে সুৰক্ষাৰ বিষয়ে সোধা-পোছা কৰে। আৰু কয় যে সমগ্ৰ উত্তৰ প্ৰদেশ আপোনালোকৰ লগত আছে। ইয়াৰ উপৰিও যোগীজীয়ে আমাৰ পৰিয়ালৰ সকলোৰে সুৰক্ষা নিশ্চিত কৰিছে।”

১২ ছেপ্টেম্বৰ শুকুৰবাৰে পুৱতি নিশা বলীউডৰ অভিনেত্ৰী দিশা পাটানিৰ ঘৰত হঠাৎ গুলীচালনা হয়। জানিব পৰা মতে, দুজন অচিনাক্ত ব্যক্তিয়ে প্ৰায় ১০ৰ পৰা ১২ ৰাউণ্ড গুলীচালনা কৰে। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে। এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণোয়ে। দিশাৰ বৰেলী ঘৰত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে সেই সময়ত দিশা ঘৰত নাছিল।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিশাৰ পিতৃ জগদীশ সিং পাটানীক ফোন কৰি ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে। দিশাৰ পিতৃ জগদীশে কয়, “মই কথমপি ৰক্ষা পৰিছো। ই অতি ডাঙৰ বিপদ হ’বহেঁতেন। বন্দুকধাৰীয়ে প্ৰায় ১০ৰ পৰা ১২ ৰাউণ্ড গুলী চলাইছে। মোৰ শৰীৰত গুলী লাগিলহেঁতেন।”