17 Sept 2025
TV9 ASSAM
ডুবাইত লাখ লাখ ভাৰতীয়ই বাস কৰে। বেছি সংখ্যক লোকে চাকৰিসূত্ৰে বা ব্যৱসায়সূত্ৰে ডুবাইত বাস কৰা দেখা যায়। আয় ভাল বাবে বহুতে ডুবাই পচন্দ কৰে।
ডুবাইত সহায়িকা, চুপাৰভাইজাৰ, ৱেটৰ, গাড়ীচালক আদিৰ বাবেও বহুতে চাকৰি বিচাৰি থাকে। কিয়নো, ভাৰতৰ তুলনাত ডুবাইত দৰমহাৰ পৰিমাণ অধিক।
গতিকে প্ৰশ্ন হয়, ডুবাইত কেনেকৈ চাকৰি পোৱা যায় আৰু তাত সহায়িকা, চুপাৰভাইজাৰ, ৱেটৰ, গাড়ী চালক আদিৰ দৰমহা কিমান? এই বিষয়ে সবিশেষ উল্লেখ কৰা হ'ল?
Glassdoor ত উপলব্ধ তথ্য অনুসৰি, ডুবাইত এজন গাড়ীচালকৰ মাহিলী দৰমহা প্ৰায় AED 4,500 ৰ পৰা আৰম্ভ হয়। ইয়াৰ পৰিমাণ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১ লাখ টকা।
ৱেটৰ বা হোটেলৰ কৰ্মচাৰীৰ বাবে ডুবাইত প্ৰথম অৱস্থাত মাহিলী দৰমহা প্ৰায় AED 2,500. ভাৰতীয় টকাৰ হিচাপত ই প্ৰায় ৬০,০০০ টকা। অৱশ্যে ইয়াৰ বাবে হোটেল মেনেজমেন্টৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হয়।
Naukrigaul ৰ তথ্য অনুসৰি, ডুবাইত এজন চুপাৰভাইজাৰ(অভিজ্ঞতা ভিত্তিত)ৰ মাহিলী দৰমহা AED ১০,০০০ পৰ্যন্ত হয়। যি ভাৰতীয় টকাৰ হিচাপত ২ লাখৰ অধিক।
ডুবাইত এগৰাকী সহায়িকাৰ মাহিলী দৰমহা প্ৰায় AED 1,800 ৰ পৰা AED 2,200. ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ৪৩,০০০ টকাৰ ওপৰত।
পঢ়িবলৈ ক্লিক কৰক