শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চৰ্চিত ACS বিষয়াৰ পৰা নৰেন্দ্ৰ মোদীৰ জন্মদিনলৈ, দিনটোৰ খবৰ...

চৰ্চিত ACS বিষয়াৰ পৰা নৰেন্দ্ৰ মোদীৰ জন্মদিনলৈ, দিনটোৰ খবৰ…

Barasha Sarma
Barasha Sarma | Published: 17 Sep 2025 22:25 PM

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হয়। আজি আছিল প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন। এই সময়চোৱাত মোদীক দেশ-বিদেশৰ বহু নেতাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

বৰ্তমান ৰাজ্যত চৰ্চাত আছে এ চি এছ বিষয়া নূপুৰ বৰা। শেহতীয়াকৈ চি এম ভিজিলেন্সে নূপুৰৰ ঘৰত অভিযান চলাই লাখ লাখ টকা, সোণ-হীৰাৰ অলংকাৰ উদ্ধাৰ কৰিছে। ইফালে ইয়াৰ মাজতে চৰ্চাত আছে আন এজন এ চি এছ বিষয়া।জহ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত যুৱতীগৰাকীয়ে বৰ্মনৰ বিৰুদ্ধে প্ৰতাৰণা, যৌন শোষণ, প্ৰলোভন, ভাবুকি আদি কেবাটাও অভিযোগ তোলে।

ইফালে আজি নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন। এই উপলক্ষে প্ৰধানমন্ত্ৰীক দেশ বিদেশৰ বহু নেতাই শুভেচ্ছা জ্ঞাপন কৰিছে।

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ থকা কেইবাটাও দিশ সাঙুৰি কেইটামান গুৰুত্বপূৰ্ণ বাতৰি উল্লেখ কৰা হ’ল।