শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভাৰতত টাটাই নিৰ্মাণ কৰিব নেকি শক্তিশালী যুঁজাৰু বিমান ৰাফেল?

ভাৰতত টাটাই নিৰ্মাণ কৰিব নেকি শক্তিশালী যুঁজাৰু বিমান ৰাফেল?

Raj Saikia
Raj Saikia | Edited By: Barasha Sarma | Updated On: 17 Sep 2025 23:03 PM

হায়দৰাবাদত ৰাফেলৰ M-88 ইঞ্জিনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ হাব স্থাপন কৰিব ডাছল্ট এভিয়েচনে। এই উৎপাদনত টাটাৰ দৰে ভাৰতীয় কোম্পানীয়েও ডাঙৰ ভূমিকা ল’ব পাৰে।

ৰাফেল, ভাৰতীয় বায়ুসেনাৰ এক দুৰ্দান্ত শক্তি। বৰ্তমান ভাৰতৰ ওচৰত আছে ৩৬ খন ৰাফেল যুদ্ধ বিমান। ফ্ৰান্সৰ ডাছ এভিয়েচনে ভাৰতৰ বাবে নিৰ্মাণ কৰিছে এই ৰাফেলসমূহ। ইয়াক তন্নতন্নকৈ নীৰিক্ষণৰ কাম আৰম্ভ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়েও। দৰাচলতে নতুনকৈ ১১৪ খন ৰাফেল ক্ৰয়ৰ প্ৰস্তাৱ দিছে ভাৰতীয় বায়ুসেনাই। এই নতুন প্ৰস্তাৱ অনুসৰি ফৰাছী কোম্পানী ডাছ এভিয়েচনে সম্ভৱতঃ ভাৰততেই নিৰ্মাণ কৰিব এই ৰাফেলসমূহ।

এই বৃহৎ চুক্তিৰ আনুমানিক ব্যয় ২ লাখ কোটিতকৈও অধিক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৬০ শতাংশৰো অধিক থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ হ’ব এইসমূহ ৰাফেল। প্ৰতিৰক্ষা সচিবৰ নেতৃত্বাধীন ডিফেন্স প্ৰ’কিউৰমেণ্ট ব’ৰ্ডে সোনকালেই এই বিষয়ত বিবেচনা কৰিব। তাৰ পৰা ক্লিয়াৰেন্স পোৱাৰ পিছতে চূড়ান্ত অনুমোদনৰ বাবে প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদলৈ যাব এই প্ৰস্তাৱ। যদি এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে ভাৰতত ৰাফেল নিৰ্মাণৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’ব পাৰে টাটাই। কাৰণ ইতিমধ্যে টাটাৰ সৈতে হায়দৰাবাদত ৰাফেল যুঁজাৰু বিমানৰ ব’ডী নিৰ্মাণৰ চুক্তি কৰিছে ডাছ’ল্টে।

এই ১১৪খন নতুন ৰাফেল যেতিয়া ভাৰতত উপস্থিত হ’ব, তেতিয়া বায়ুসেনাৰ মুঠ ৰাফেলৰ সংখ্যা হ’ব ১৭৬ খন। ইতিমধ্যে ৩৬ খন ৰাফেল বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ভাৰতীয় নৌসেনাৰ বাবে অৰ্ডাৰ দিয়া হৈছে আৰু ২৬খন ৰাফেল।