লোকসভাত উত্থাপন হ’ল ‘এখন দেশ, এক নিৰ্বাচন’ বিধেয়ক, পৰৱৰ্তী পদক্ষেপ কি?
দীৰ্ঘদিনীয়া জল্পনা-কল্পনা, বিতৰ্কৰ অন্তত আজি ১৭ ডিচেম্বৰত সংসদত উত্থাপন হ’ল এক দেশ, এক নিৰ্বাচনী বিধেয়ক। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন মেঘৱালে উত্থাপন কৰে এই বিধেয়ক।

বহু বিতৰ্কৰ মাজতে আজি লোকসভা দাখিল কৰা হ’ল ‘এখন দেশ, এক নিৰ্বাচন’ বিধেয়ক । আজিৰ দিনটোতে সংসদত উত্থাপন কৰা হয় সংবিধান (১২৯ সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক। বিৰোধীয়ে এই বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তৎকালীনভাৱে প্ৰত্যাহাৰৰ দাবী জনাই বিৰোধীয়ে । লোকসভাত দাখিল কৰাৰ পাছতে এই বিধেয়ক জেপিচিলৈ প্ৰেৰণ কৰা হ’ব।
যোৱা বছৰৰ পৰাই চলি আছিল “এখন দেশ, এক নিৰ্বাচন” কাৰ্যকৰী কৰাৰ প্ৰচেষ্টা । শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ পিছত এই বিধেয়কখন কেতিয়া সংসদত দাখিল কৰা হ’ব জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। দীৰ্ঘদিনীয়া জল্পনা-কল্পনা, বিতৰ্কৰ অন্তত আজি ১৭ ডিচেম্বৰত সংসদত উত্থাপন হ’ল এক দেশ, এক নিৰ্বাচনী বিধেয়ক। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন মেঘৱালে উত্থাপন কৰে এই বিধেয়ক। ২৬৯ জন সাংসদে এই বিধেয়কৰ সপক্ষে ভোটদান কৰে, ১৯৮ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে।
গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়কখন আলোচনাৰ বাবে সংসদীয় পেনেললৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ কয়, ‘এক দেশ, এক নিৰ্বাচনী বিধেয়ক কেবিনেটত দাখিল কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে, সংসদীয় যুটীয়া সমিতিলৈ প্ৰেৰণ কৰিব লাগে। এই বিধেয়কখন প্ৰতিটো স্তৰতে আলোচনা হ’ব লাগে।’
শাসকীয় শিবিৰে বিধেয়কখনক সমৰ্থন কৰাৰ বিপৰীতে বিৰোধী দল অৰ্থাৎ ইণ্ডিয়া এলায়েন্সে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। কংগ্ৰেছ সাংসদয়ে দাবী কৰে যে,সংবিধানৰ গাঁথনিক এক দেশত, এটা নিৰ্বাচনত প্ৰত্যাহ্বান জনোৱা হৈছে। সমাজবাদী পাৰ্টিৰ সাংসদ ধৰ্মেন্দ্ৰ যাদৱে কয় যে, এই বিধেয়কখনে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিছে।
ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ হৈ আইন মন্ত্ৰী অৰ্জুন মেঘৱালে কয়, ‘এখন দেশ, এক নিৰ্বাচনক ৰাজনৈতিক উদ্দেশ্যত বিৰোধিতা কৰা হৈছে। এই বিধেয়কখন নিৰ্বাচন প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ অনা হৈছে। ৰাজ্যৰ ক্ষমতাত কোনো ধৰণৰ হস্তক্ষেপ নহয়।’ বৰ্তমান এই বিধেয়কখন বিতং আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব।