ডেংগুৱে লৈছে আগ্ৰাসী ৰূপঃ মৃত্যু এজন ৰোগীৰ, বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা
দেশৰ ৰাজধানী দিল্লীত মৃত্যু ঘটিছে প্ৰথমজন ৰোগীৰ। যোৱা ৮ ছেপ্টেম্বৰত লোক নায়ক চিকিৎসালয়ত মৃত্যু হয় ৰোগীজনৰ। দিল্লী পৌৰ নিগমৰ তথ্য অনুসৰি, চলিত বৰ্ষত দিল্লীত এইপৰ্যন্ত ৬৫০ জনতকৈ অধিক ডেংগু ৰোগী ধৰা পৰিছে।
 
                                                    দেশৰ ৰাজধানী দিল্লীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ ঘটনা। মহৰ বাবেই মানৱ দেহত হোৱা ডেংগু ৰোগৰ ফলত দিল্লীত মৃত্যু ঘটিছে প্ৰথমজন ৰোগীৰ। প্ৰশাসনৰ তথ্য অনুসৰি, যোৱা সপ্তাহত লোক নায়ক চিকিৎসালয়ত ডেংগু ৰোগত আক্ৰান্ত ৫৪ বছৰীয়া এজন লোকৰ মৃত্যু হৈছিল। মৃত ব্যক্তিজন পূব দিল্লীৰ গান্ধী নগৰ অঞ্চলৰ বাসিন্দা। এই ব্যক্তিজন কেইবাদিনো জ্বৰত ভুগি আছিল বুলি জানিব পৰা গৈছে। যোৱা ২৭ আগষ্টত তীব্ৰ জ্বৰৰ লগতে ডেংগুৰ সন্দেহত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
পিছে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতে তেওঁৰ অৱস্থা ক্ৰমাগতভাৱে অৱনতি ঘটিছিল আৰু অৱশেষত ৮ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়। এই কথা নিশ্চিত কৰিছে চিকিৎসালয়খনৰে এগৰাকী জ্যেষ্ঠ বিষয়াই। ইফালে দিল্লী পৌৰ নিগমে জানিবলৈ দিয়া মতে, চলিত বৰ্ষত দিল্লীত এইপৰ্যন্ত ৬৫০ জনতকৈ অধিক ডেংগু ৰোগী ধৰা পৰিছে। আগন্তুক সময়ত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
তথ্য অনুসৰি বিগত বৰ্ষত দিল্লীত ৯,২৬৬ জন ডেংগু ৰোগী ধৰা পৰিছিল আৰু ইয়াৰ ফলত সমগ্ৰ দিল্লীত ১৯ জন লোকে প্ৰাণ হেৰুৱাইছিল। লক্ষণীয়ভাৱে বিগত বৰ্ষত দিল্লীত জি-২০ সন্মিলনৰ আয়োজন কৰা হৈছিল। ইয়াৰ পূৰ্বে দিল্লী পৌৰ নিগমে ডেংগু আক্ৰান্ত আৰু মৃত্যুৰ সৈতে জড়িত সাপ্তাহিক প্ৰতিবেদন জাৰি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। গতিকে এই সংখ্যা বৃদ্ধি হোৱাৰে পূৰ্ণ সম্ভাৱনা আছিল।
ইফালে দিল্লীত ডেংগুৰ ফলত এজন ৰোগীৰ মৃত্যু হোৱাৰ পাছত দিল্লী পৌৰ নিগমে মেলেৰিয়া, ডেংগুকে ধৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। দিল্লী নিগম প্ৰশাসনৰ জনস্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেলেৰিয়া বিৰোধী অভিযানৰ কৰ্মচাৰী তথা ক্ষেত্ৰভিত্তিক কামৰ লগত জড়িত কৰ্মচাৰীসকলৰ ছুটী বাতিল কৰা হৈছে।
ইফালে পূব দিল্লীৰ কেন্দ্ৰীয় মণ্ডলৰ ১৪২ নং ৱাৰ্ড আৰু পাণ্ডৱনগৰ অঞ্চলত ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি বিপজ্জনক ৰোগ প্ৰতিৰোধৰ বাবে ঘৰে ঘৰে ঔষধ ছটিওৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। এনে তৎপৰতাৰ মাজতে ডেংগুৰ বাবে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি দিল্লীৰ ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে। দিল্লী বিজেপিৰ মুখপাত্ৰ প্ৰবীণ শংকৰ কাপুৰে লোকনায়ক জয়প্ৰকাশ হাস্পতালত ডেংগুৰ ফলত হোৱা ৰোগীৰ মৃত্যু সন্দৰ্ভত নিগমৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি মেয়ৰ ডাঃ শৈলী ওবেৰয়ৰ পদত্যাগৰ দাবী জনাইছে।
দিল্লী পৌৰ নিগমৰ বিৰোধী দলপতি চৰ্দাৰ ৰাজা ইকবাল সিঙে মেয়ৰ ডাঃ শৈলী ওবেৰয়ক আক্ৰমণ কৰি দিল্লীত মহৰ দ্বাৰা সংক্ৰমিত ৰোগ মেলেৰিয়া, ডেংগু আৰু চিকুংগুনিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে যদিও দিল্লীৰ মেয়ৰে প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      